হোজাইত পি এম এ ওৱাই জিৰ তালিকাৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী…

হোজাইত পি এম এ ওৱাই জিৰ তালিকাৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী…

ডিজিটেল সংবাদ, মোৰাঝাৰ: হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭ নং অকচেক গাওঁ পঞ্চায়তত প্ৰস্তুত কৰা পি এম এ ওৱাই জিৰ তালিকা প্ৰকাশ পোৱাত সমগ্ৰ পঞ্চায়ত জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ফলত শুকুৰবাৰে দিনৰ ২ বজাত প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তালিকাৰ পৰা বঞ্চিত লোকসকলে। সভাপতি খাইৰুল ইছলাম মুৰ্দাবাদ, আঞ্চলিক পঞ্চায়তৰ সদস্যা ইয়াছমিনা বেগম গবেক, ৱাৰ্ড সদস্য গবেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দৰিদ্ৰ লোকক বঞ্চিত কৰি ধনী আৰু পঞ্চায়ত প্ৰতিনিধিৰ অঙহী বঙহীৰ নাম তালিকাত অন্তৰ্ভূক্ত হোৱা বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপণ কৰিছে। প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়া মতে, অকচেক গাওঁ পঞ্চায়তৰ বিশেষকৈ ৭, ৮ আৰু ৯ নম্বৰ ৱাৰ্ডত পি এম এ ওৱাই জিৰ তালিকা প্ৰস্তুতত চৰম অনিয়ম দূৰ্নীতি সংঘটিত হৈছে । আচঁনিখনৰ গাইডলাইন ভংগ কৰি প্ৰকৃত দৰিদ্ৰ লোকৰ বিপৰীতে ধনী আঢ্যৱন্ত পৰিয়ালৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে।

পঞ্চায়ত প্ৰতিনিধি সকলৰ নিজৰ পৰিয়ালৰ লগতে আত্মীয় লোকৰ নামো অন্তৰ্ভূক্ত কৰি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ কৰিছে। একো একোটা পৰিয়ালৰ চাৰি পাঁচজনৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ এজন সদস্যৰ নাম তালিকাত স্থান নোপোৱা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। একাংশ দালাল শ্ৰেণীৰ লোকে তালিকাত নাম অন্তৰ্ভূক্ত কৰাৰ নামত ৫০০ৰ পৰা ১০০০ টকালৈ ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপণ কৰিছে।

ইফালে, সমগ্ৰ পঞ্চায়তটোত যোগ্য দৰিদ্ৰ লোকক বঞ্চিত কৰি ধনী আঢ্যৱন্ত পৰিয়ালৰ লোকে অগ্ৰাধিকাৰ লাভ কৰি হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত হোৱা বুলি সচেতন মহলে মতামত ব্যক্ত কৰিছে। প্ৰতিবাদী ৰাইজে জনোৱা মতে, পঞ্চায়ত সভাপতি খাইৰুল ইছলামৰ লগত যোগাযোগ কৰাত কোনো ধৰণৰ গুৰুত্ব নিদিয়া আৰু নিৰ্বাচনৰ সময়ত বিজেপি দলক ভোট দিয়াৰ বাবে ঘৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিলে পঞ্চায়তৰ কংগ্ৰেছী সকলে বেয়া পাব বুলি কয়। এনে এক আজব যুক্তি দেখুৱাই খেদি পঠিয়ায় দুখীয়া লোকসকলক। চৰম অনিয়ম আৰু গাইডলাইন ভংগ কৰি প্ৰস্তুত কৰা তালিকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰীক দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in