পত্নীক মুখত বিহ ঢালি হত্যা কৰাৰ চেষ্টা স্বামীসহ পৰিয়ালৰ, সংকটজনক অৱস্থা চিকিৎসালয়ত ভৰ্ত্তি…

পত্নীক মুখত বিহ ঢালি হত্যা কৰাৰ চেষ্টা স্বামীসহ পৰিয়ালৰ, সংকটজনক অৱস্থা চিকিৎসালয়ত ভৰ্ত্তি…

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈঊণী গাৱত যোৱা শনিবাৰে নিশা ৰুবিয়া চুলতানা নামৰ এগৰাকী বোৱাৰীক নিজ স্বামী ইছলাম উদ্দিন আৰু পৰিয়ালৰ লোকে মুখত বিহ ঢালি হত্যা কৰাৰ চেষ্টা চলায় ৷ ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৰৈঊণী গাৱৰ ৰুবিয়া চুলতানা নামৰ এগৰাকী যুৱতি একে গাৱৰে ইছলাম উদ্দিন নামৰ এজন যুৱকৰ সৈতে সামাজিক প্ৰথাৰে আজিৰ পৰা ৮ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷ প্ৰথম অৱস্থাত তেওঁলোকৰ সংসাৰ সুন্দৰভাবে চলি আছিল ৷ তেওঁলোকৰ সংসাৰত ইতিমধ্যে দুটি লৰা-ছোৱালীওঁ আছে ৷ ইয়াৰ মাজতে ৫ বছৰ পূৰ্বে লম্পট চৰিত্ৰৰ ইছলাম উদ্দিনে আন এগৰাকী যুৱতীকো বিবাহ কৰায় ৷

নিজৰ লৰা-ছোৱালী দুটিৰ মুখলৈ চাই ৰুবিয়াই নিজ স্বামীৰ কোনো কামত আপত্তি কৰা নাছিল ৷ ইমানতে মন নভৰি লম্পট স্বামীয়ে পুনৰ তৃতীয় বিবাহ কৰাবলৈ মন মেলে ৷ সেই কথা মানি মানি লোৱা নাছিল ইছলাম উদ্দিনৰ প্ৰথমা পত্নী ৰুবিয়া চুলতানাই ৷ ইয়াতে ক্ষুন্ন হৈ পৰে ইছলাম উদ্দিনৰ লগতে তেওঁৰ পৰিয়াল বৰ্গ ৷ ৰুবিয়া চুলতানা ৰ পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি যেতিয়া লম্পট ইছলাম উদ্দিনে তৃতীয় বিবাহৰ বাবে প্ৰথমা পত্নীৰ অনুমতি নাপালে তেতিয়াৰ পৰা প্ৰথমা পত্নীক খেদিবলৈ পৰিকল্পনা আৰম্ভ কৰিলে ৷

পৰিকল্পনা অনুসৰি প্ৰথমা পত্নীক স্বামী ইছলাম উদ্দিনে তিনি তালাক দি খেদিব বিচাৰে ৷ ইতিমধ্যে চৰকাৰে তিনি তালাক নিষিদ্ধ কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ন কৰাৰ কথা দোহাই দি ইয়াক কোনো কাৰনতেই মানি লোৱা নহব বুলি বোৱাৰী গৰাকীয়ে নিজ স্বামীক কয় ৷ ইয়াৰ পাছৰে পৰাই স্বামী ইছলাম উদ্দিনে বোৱাৰী গৰাকীক মাৰপিট কৰি শাৰিৰিক নিৰ্যাতন চলাই যায় ৷ ইমানতে ক্ষান্ত নাথাকি যোৱা শুকুৰবাৰৰ নিশা বোৱাৰী গৰাকীক প্ৰথমে মাৰপিট কৰি পাছত স্বামী ইছলাম উদ্দিন, শাহুৱেক আনোৱাৰা বেগম আৰু স্বামীৰ এগৰাকী আত্মীয় ৰহিম উদ্দিনে বোৱাৰী গৰাকীক বলপূৰ্বক ভাবে মুখত বিহ ঢালি প্ৰান নাশক চেষ্টা চলায় ৷

শনিবাৰে ৰাতিপুৱা বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে খবৰ লাভ কৰি মোৰাঝাৰ আৰক্ষী থানাত খবৰ দিয়ে ৷ পাছত মোৰাঝাৰ আৰক্ষীয়ে ততাতৈয়াকৈ বোৱাৰী গৰাকীক উদ্ধাৰ কৰি হোজাইৰ 'হাম' হস্পিতালত ভৰ্তি কৰায় ৷ পাছত অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ বৰ্তমানে বোৱাৰী গৰাকী মৃত্যুৰ সৈতে চিকিৎসালয়ত যুজি আছে ৷ আনহাতে আৰক্ষী অহাৰ উমান পাই ইছলাম উদ্দিনৰ লগতে বাকী পৰিয়ালৰ সদস্য সকলে পলায়ন কৰে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত খৰকটীয়া কৰিছে যদিওঁ বাতৰি লিখা পৰলৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in