হোজাইৰ যমুনামুখত ৰেল বিভাগৰ উচ্চেদ অভিযান…

হোজাইৰ যমুনামুখত ৰেল বিভাগৰ উচ্চেদ অভিযান…

ডিজিটেল সংবাদ,ডবকা : হোজাইৰ যমুনামুখত বুধবাৰে ৰেল বিভাগে উচ্ছেদ চলায় ৷ ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানত প্ৰায় অৰ্ধ শতাধিক বাসগৃহ ভাঙি পেলায় ৷ এই উচ্ছেদ অভিযান কালত অৱশ্যে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷

অভিযোগ অনুসৰি যমুনামুখ বজাৰত একাংশ লোকে দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ মাটি বেদখল কৰি গৃহ নিৰ্মানৰ লগতে ব্যৱসায়ী প্ৰতিস্থান নিৰ্মান কৰিছিল ৷ এই অবৈধ নিৰ্মানকাৰ্য্য সমূহ ভঙি ৰেল বিভাগৰ মাটি মুকলি কৰি দিবলৈ তিনি মাহ মান পূৰ্বে এই অবৈধ বেদখলকাৰী সকলক ৰেল বিভাগে লিখিত ভাবে জাননী প্ৰদান কৰিছিল ৷

তাৰ পাছতো এই লোক সকলে ৰেলবিভাগৰ মাটি চলোৱা নিৰ্মানকাৰ্য্য ভঙা নাছিল ৷ যাৰ পৰিপেক্ষিত কালি পুনৰ ৰেল বিভাগৰ ফালৰ পৰা মাইকযোগে ৰেল বিভাগৰ মাটি খালি কৰি দিবলৈ জনাই ৷ ইয়াৰ পাছতেই একাংশ লোকে নিজে নিজে নিজৰ ঘৰসমূহ ভাঙি পেলাইছিল তাৰ বিপৰীতে আন একাংশই ঘৰ দুৱাৰ নভাঙাকৈ পূৰ্বৰ দৰেই থাকিবলৈ লয় ৷

বুধবাৰে পূৱা ১১ মান বজাত লামডিং ৰেলৱে ডিভিজনৰ অহা দুজন উচ্ছ পদস্থ বিষয়াৰ নেতৃত্বত এটি বিশাল আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ দলে লগত দুখনকৈ জে,চি,বি লয় যমুনামুখ বজাৰৰ উপস্থিত হয়হি ৷ জে,চি,বি কেইখনে ৰেল বিভাগৰ মাটিত থকা ঘৰ, গছ গছনি সমূহ এফালৰ পৰা ভাঙি পেলায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in