সন্মুখত নিৰ্বাচন, হোজাইত জব্দ বৃহৎ পৰিমানৰ ধন…

সন্মুখত নিৰ্বাচন, হোজাইত জব্দ বৃহৎ পৰিমানৰ ধন…

ডিজিটেল সংবাদ, ডবকাঃ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত হোজাইৰ ডবকাত জব্দ বৃহৎ পৰিমাণৰ ধন৷ ডবকাৰ টোলগেটত মাজনিশা এছএছটি টীমৰ অভিযানত এএছ০৮এ০৯২২ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰা হয় ৫ লাখ ৫ হাজাৰ ৫ শ টকা৷

জব্দ কৰা ধনখিনি ডিমা হাচাওঁ জিলাৰ হাফলঙৰ প্ৰাণজিত কেম্প্ৰাই আৰু নিপেন্দ্ৰ হোজাইৰ বুলি জানিব পৰা গৈছে৷ SST টিমৰ অভিযান কালত উক্ত লোক দুজনে নগদ ধন খিনিৰ উপযুক্ত নথি পত্ৰ দেখুৱাব পৰা নাছিল৷ জব্দ কৰা ধনখিনিৰ উৎস আৰু কি কামত ধনখিনি ব্যৱহাৰ কৰা হ'ব সেই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in