হোজাইত মানসিক বিকাৰগ্ৰস্ত যুৱতীক বলাৎকাৰ, VIDEO

হোজাইত মানসিক বিকাৰগ্ৰস্ত যুৱতীক বলাৎকাৰ, VIDEO

ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মৌদাংগা কৃষি পাম নিগমত সংগঠিত হৈছে এক জঘন্য বলাৎকাৰ কাণ্ড৷ আজিৰ পৰা তিনিমাহ পূৰ্বে গাওঁখনৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতিক একে গাঁৱৰে দিলুৱাৰ হুছেইন ওৰফে দুলাল নামৰ এটি লম্পটে বলাৎকাৰ কৰা বুলি যুৱতী গৰাকীৰ পৰিয়ালে অভিযোগ কৰে৷ ধৰ্ষিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি ঘৰৰ লোক কাম কাজত ওলাই যোৱাৰ পাছত লম্পট দুলালে মানসিক বিকাৰগ্ৰস্ত যুৱতি গৰাকীক ঘৰৰ পৰা ফুচুলাই নি নিজ ঘৰতে উপৰ্যুপৰি বলাৎকাৰ কৰে।

পাছত যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে লম্পট দিলুৱাৰৰ ঘৰৰ পৰা মুমুৰ্ষ আৰু আপত্তিজনক অৱস্থাত যুৱতী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় ৷ যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে দেৱস্থান উপ আৰক্ষী চকীত ধৰ্ষণকাৰীৰ উচিত শাস্তিৰ দাবীত এজাহাৰ দাখিল কৰিছিল৷ ঘটনাটো সংগঠিত হোৱা তিনি মাহ ওকলি গৈছে যদিও আজিকোপতি যুৱতী গৰাকী ন্যায় প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে।

সেয়েহে ধৰ্ষিতাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে ন্যায়ৰ দাবীত হাতে হাতে প্লে-কাৰ্ড লৈ সামাজিক দূৰত্ব বজাই ৰাখি নিজ গৃহতে প্ৰতিবাদ সাব্যস্ত কৰে৷ ইতিমধ্যে মানসিক বিকাৰগ্ৰস্ত যুৱতি গৰাকীৰ ধৰ্ষণকাৰীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি যুৱতী গৰাকীক ন্যায় দিয়াৰ দাবীত পিতৃয়ে হোজাইৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযাগ দাখিল কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in