হোজাই জিলাত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মোৰাঝাৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বুধবাৰে হােজাই জিলাত চূড়ান্ত ভােটাৰ তালিকা প্রকাশ কৰে হোজাই জিলা নিৰ্বাচনী বিষয়াই । হােজাই জিলাৰ অধীনস্থ তিনিখন বিধানসভা সমষ্টি ক্ৰমে ৯০ নং যমুনামূখ, ৯১ নং হােজাই আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ বাবে ১ জানুৱাৰী ২০২১ তাৰিখক ভিত্তিৱর্ষ হিচাবে লৈ চূড়ান্ত ভােটাৰ তালিকা ১৮ জানুৱাৰী তাৰিখে আনুষ্ঠানিক ভাবে প্রকাশ কৰা হয়।

ভাৰতৰ নির্বাচন আয়ােগৰ নির্দেশত সম্পন্ন হােৱা বিশেষ সংক্ষিপ্ত সংশােধনীৰ আধাৰত জাৰি কৰি এই চূড়ান্ত ভােটাৰ তালিকাত নতুন ভোটাৰক সন্নিৱিষ্ট কৰা হৈছে । বুধবাৰে প্ৰকাশ কৰা ভােটাৰ তালিকা মতে ৯০ নং যমুনামূখ বিধান সভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হ'ল ২,১৬,৯১৬ জন । তাৰ মাজত পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,১২,৩১৪ জন, মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,০৪,৫৯৯ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৩ গৰাকী ।

৯১ নং হােজাই বিধান সভা সমষ্টিৰ মুঠ ভােটাৰৰ সংখ্যা হল ২,৬৩,৭৮০ জন ।তাৰ মাজত পুৰুষ ভােটাৰৰ সংখ্যা হৈছে ১,৩৫,৩৯৪ জন ও মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,২৮,৩৮১ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ৫ গৰাকী ।

৯২ নং লামডিং বিধান সভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হৈছে ২,০৯,৬১১ তাৰে পুৰুষ ভােটাৰ হৈছে ১,০৭,৪৯৮ জন ও মহিলা ভােটাৰৰ সংখ্যা হৈছে ১,০২,১১১ আৰু তৃতীয় লিংগৰ ভােটাৰ হৈছে ২ জন। হোজাই জিলাত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ৬,৯০,৩০৭ গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in