হোজাইত জিলাত নথি-পত্ৰবিহীন ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্ম্য, জিলা পৰিবহন বিভাগৰ ৰহস্যজনক ভূমিকা…

হোজাইত জিলাত নথি-পত্ৰবিহীন ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্ম্য, জিলা পৰিবহন বিভাগৰ ৰহস্যজনক ভূমিকা…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলাত ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালকৈ মোৰাঝাৰ,দেৱস্তান, চৌধুৰী বজাৰ আদি গ্ৰাম্য অঞ্চলতো ২৪ঘন্টা সন্ত্ৰাস চলাইছে নম্বৰ প্লেটবিহীন ডাম্পাৰ আৰু টেক্টৰে। মোৰাঝাৰ অঞ্চলত প্ৰাণৰ শংকাত ভুগিছে ছাত্ৰ ছাত্ৰীৰ লগতে জনতাই।এই ক্ষেত্ৰত পৰিবহণ বিভাগৰ নীৰৱ ভুমিকাই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

দিনে নিশাই অহৰহ বাবে আৰক্ষী প্ৰশাসনৰ চকুৰ সন্মুখেদি, শিল,বালি, মাটি দ্ৰুত গতিত কঢ়িওৱা টেক্টৰ আৰু ডাম্পাৰ। হোজাই জিলাৰ প্ৰতিটো পথতে ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্মৎ অতিষ্ঠ জনসাধাৰণ। অবৈধ বাবে বালি, শিল আৰু মাটি কঢ়িওৱা ডাম্পাৰ আৰু টেক্টৰৰ দৌৰাত্মৰ বাবে প্ৰায়ে সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা।

অকালতে বহু নিৰীহ পথছাৰীয়ে হেৰুৱাইছে প্ৰাণ। প্ৰায় প্ৰতিখন শিল, বালি কঢ়িওৱা ডাম্পাৰৰ দেখা গৈছে একেই দৃশ্য পিছফালে নাথাকে নম্বৰ প্লেট। আনহাতে মাটি কঢ়িওৱা টেক্টৰে ৰাস্তাৰ ওপৰত চফৰা চফৰে মাটি পেলোৱাত ৰাস্তা ঘাট বিনষ্ট কৰাৰ লগতে এক ধূলিময় পৰিবেশৰ সৃষ্টি কৰাত ছাত্ৰ ছাত্ৰী আৰু জনতাৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। কিন্তু ৰহস্যজনক ভাবে এই ক্ষেত্ৰত জিলা পৰিবহণ বিভাগে নীৰৱ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in