কোভিডত আক্ৰান্ত হোজাই জিলাৰ আৰক্ষী অধীক্ষকঃ অংশগ্ৰহণ কৰিছিল দুলীয়াজনৰ এছ পি সন্মিলনত…

কোভিডত আক্ৰান্ত হোজাই জিলাৰ আৰক্ষী অধীক্ষকঃ অংশগ্ৰহণ কৰিছিল দুলীয়াজনৰ এছ পি সন্মিলনত…

ডিজিটেল সংবাদ মোৰাঝাৰঃ এজনৰ পিছত আন এজনকৈ ৰাজ্যৰ বহু কেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ লগতে বহু জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি বহু আৰক্ষী বিষয়া কোৰোনাত আক্ৰান্ত হৈছে। ৩ জানুৱাৰীৰ পৰা দুলীয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পিছৰে পৰা এইদৰে আৰক্ষী বিষয়াসকলৰ দেহত ধৰা পৰিছে কোভিড।

অতি শেহতীয়াকৈ হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থও আক্ৰান্ত হৈছে কোৰোনাত। এইগৰাকী আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰিছিল দুলীয়াজানত অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনখনত। সন্মিলনখনত অংশগ্ৰহণ কৰাৰ পিছতে বৰুণ পুৰুকায়স্থৰ দেহত কোভিডৰ উপস্থিতি ধাৰ পৰাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in