হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ…

হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ…

ডিজিটেল সংবাদ, হোজাই : হোজাই জিলাত অহা ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সাদনেক সিঙে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

জিলা নিৰ্বাচনী বিষয়াই যোগান ধৰা তথ্য মতে হোজাই জিলাৰ অন্তৰ্গত তিনিটা সমষ্টিত মোট ১২৫ টা জটিল ভোটকেন্দ্ৰ আছে , ইয়াৰে ৯০ নং যমুনামুখ বিধান সভা সমষ্টিত ২৭ টা, ৯১ নং হোজাই বিধান সভা সমষ্টিত ৬৫ টা আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিত ৩৩ টা জটিল ভোটকেন্দ্ৰ আছে। বিগত সময়চোৱাৰ নিৰ্বাচনত তিনিটা সমষ্টিৰ অন্তৰ্গত যিসমূহ ভোটকেন্দ্ৰত ৯০ শতাংশৰ ওপৰত ভোটদান হৈছিল আৰু এগৰাকী প্ৰাৰ্থীয়ে সেইসমুহ ভোটকেন্দ্ৰত ৭৫ শতাংশৰ ওপৰত ভোট লাভ কৰিবলৈ সক্ষম হোৱা ভোটকেন্দ্ৰ সমূহক নিৰ্বাচন আয়োগে জটিল ভোটকেন্দ্ৰ হিচাপে ঘোষণা কৰাত হোজাই জিলাৰ অন্তৰ্গত তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ হিচাপে জিলা নিৰ্বাচনী বিষয়াই বাচনি কৰে।

ইপিনে হোজাই জিলাত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৯৯২ টা ভোট কেন্দ্ৰত অৰ্ধ সামৰিক বাহিনীৰ ৩০ টা কোম্পানী নিয়োগ কৰা হব বুলি জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে। যোৱা জানুৱাৰী মাহত প্ৰকাশ পোৱা চুড়ান্ত ভোটাৰ তালিকা মতে হোজাই জিলাৰ অন্তৰ্গত তিনিটা সমষ্টিত মোট ৬,৯০,৩০৭ গৰাকী ভোটাৰ আছে যদিও ভোটাৰ তালিকাত অনলাইন যুগে নাম অন্তৰ্ভুক্ত কৰিবলৈ ইতিমধ্যে কিছুমানে আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত মোট ভোটাৰৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও জিলা নিৰ্বাচনী বিষয়াই জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in