হোজাই জিলাত কোৰোনা ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ সষ্টম প্ৰশাসন, উপায়ুক্ত কাৰ্যালয়ত বৈঠক, অত্যাৱশ্যকীয় সামগ্ৰী সুলভ কৰাৰ আহ্বান

হোজাই জিলাত কোৰোনা ভাইৰাছৰ সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ সষ্টম প্ৰশাসন, উপায়ুক্ত কাৰ্যালয়ত বৈঠক, অত্যাৱশ্যকীয় সামগ্ৰী সুলভ কৰাৰ আহ্বান

ডিজিটেল সংবাদ, মোৰাঝাৰঃ বর্তমান গােটেই বিশ্বৰ মানৱ জাতিৰ প্রতি ভাবুকি কঢ়িয়াই অনা কোৰোনা ভাইৰাছৰ সংক্ৰামক প্রতিৰােধৰ ক্ষেত্ৰত হােজাই জিলাত লােৱা পদক্ষেপ সমূহৰ দৈনিক পৰ্যালােচনা সভা হােজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা উপায়ুক্ত ডাঃ চাদনেক সিঙৰ
সভাপতিত্বত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। সভাত উপায়ুক্ত ডাঃ চাদনেক সিং মহােদয়ে কোৰোনা ভাইৰাছৰ প্ৰতিৰােধৰ ক্ষেত্ৰত জিলাখনৰ সকলাে চিকিৎসালয়তে ঔষধ, চেনিটাইজাৰ পৰ্যাপ্ত মজুত থকাৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে, বর্তমান হােজাই জিলাত ৯১০ জন ব্যক্তিক স্বগৃহত আছুতীয়া কৈ ৰখা হৈছে। তেওঁ হােজাই জিলাত কোৰোনা ভাইৰাছৰ সংক্রামক প্ৰতিৰােধৰ কাৰ্যব্যৱস্থা সমূহ আৰু অধিক শক্তিশালী ও কার্যক্ষম কৰাৰ উদ্দেশ্যে হােজাই জিলাৰ তিনিও জন অতিৰিক্ত উপায়ুক্তক জিলাখনৰ তিনিওটা চক্ৰ পৰ্য্যায়ত জনেল বিষয়া হিচাবে নিযুক্তি দিছে।

হােজাই ৰাজহ চক্ৰত পংকজ ডেকা, ডবকা ৰাজহ চক্ৰত গৌৰীশংকৰ দাস আৰু লংকা ৰাজহ চক্ৰত শ্ৰী প্রশান্ত বৰা অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিয়া হৈছে। লগতে তিনিওজন চক্ৰ বিষয়াক ইনচিডেন্ট কমাণ্ডাৰ হিচাবে নিযুক্তি দিছে। ইয়াৰােপৰি প্রত্যেক থানাৰ বিপৰীতে একোজন দণ্ডাধীশ নিয়ােগ কৰিছে। উপায়ুক্তগৰাকীয়ে বর্তমান চলি থকা লকডাউনৰ সময়চোৱাত ৰাইজে যাতে অত্যাৱশ্যকীয় সামগ্রী সমুহ সময় মতে পাই থাকে তাৰ সুব্যৱস্থা কৰিবলৈ সভাত উপস্থিত অতিৰিক্ত উপায়ুক্ত ও চক্ৰ বিষয়া সকলক নির্দেশ দিয়ে।

সভাত জিলাখনৰ সমূহ সুলভ মূল্যৰ দোকানত অত্যাবশ্যকীয় সামগ্রী মজুত ৰখাৰ বাবে সিদ্ধান্ত লােবা হয়। ইয়াৰােপৰি খুচুৰা ব্যৱসায়ী সকলে সামগ্রী কঢ়িবাৰ ক্ষেত্ৰত যাতে অসুবিধা নাপায় তাৰ বাবে পাইকাৰী ব্যবসায়ীসকলে সামগ্রী কঢ়িয়াই নিয়া গাড়ী ব্যবহাৰৰ অনুমতি দিয়াৰ বাবে সিদ্ধান্ত লােৱা হয়। সভাত অসাধু ব্যৱসায়ীয়ে যাতে লকডাউনৰ সুবিধা লৈ দৰ দাম বৃদ্ধি আৰু কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নােৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবৰ বাবে উপাযুক্তই যােগান বিভাগৰ বিষয়া সকলক নির্দেশ দিয়ে।

সভাৰ অন্তত উপায়ুক্তগৰাকীয়ে বর্তমান চলি থকা সম্পূর্ণ লকডাউন প্রক্রিয়া সফল ৰূপায়নৰ বাবে হােজাইবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ক্রমে প্রশান্ত বৰুৱা, পংকজ ডেকা, গৌৰীশংকৰ দাস, চক্ৰ বিষয়া সকল, মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়, যােগান বিভাগৰ বিষয়া আৰু সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in