সৰুসজাইৰ পৰা ঘৰলৈ যোৱা ২টা দিনৰ পিছত হোজাইৰ চাইদুলৰ দেহত ধৰা পৰিল কোৰোনা…

সৰুসজাইৰ পৰা ঘৰলৈ যোৱা ২টা দিনৰ পিছত হোজাইৰ চাইদুলৰ দেহত ধৰা পৰিল কোৰোনা…

ডিজিটেল সংবাদ, ডবকাঃ শেহতীয়াকৈ কোৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা হোজাইৰ যুৱকগৰাকীৰ নাম চাইদুল ইছলাম বৰভূঞা। মুম্বাইৰ পৰা কিছুদিনৰ পূৰ্বে ঘৰলৈ উভতা যুৱকগৰাকী ৰখা হৈছিল সৰুসজাই কোৱাৰেন্টাইনত। ৯দিনৰ পূৰ্বে অসমলৈ অহা চাইদুলক ৭দিন ধৰি সৰুসজাইত ৰখাৰ পাছত যোৱা শুকুৰবাৰে ঘৰলৈ যাবলৈ দিয়া হৈছিল।

কিন্তু ঘৰত ২টা দিন হোম কোৱাৰেন্টাইন হৈ থকাৰ পাছত দেওবাৰে তেওঁৰ দেহত ধৰা পৰে কোৰোনাৰ অৱস্থিতি। ইতিমধ্যে হোজাই জিলা স্বাস্থ্য বিভাগে মোৰাঝাৰ আৰক্ষীৰ সহযোগত ঘৰৰ পৰা উদ্বাৰ কৰিছে আক্ৰান্ত যুৱকজনক ৷ যোৱা ১৯ মে' তো নিচেই কাষতে থকা গাওঁ দেৱস্থানৰ পৰাওঁ এজন যুৱক সহ এটি দুইমহীয়া শিশু কভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in