হোজাইত বিজেপিৰ নির্বাচনী প্ৰচাৰ তুংগত…

হোজাইত বিজেপিৰ নির্বাচনী প্ৰচাৰ তুংগত…

ডিজিটেল সংবাদ, হোজাই: কংগ্ৰেছৰ মাৰ্গদর্শক এতিয়া বদৰুদ্দিন আজমল, কংগ্ৰেছ শাসনত আহিলে আমি সকলো অসমৰ পৰা যাব লাগিব, বদৰুদ্দিনে কংগ্ৰেছৰ লগ লাগি অসমত শ্বৰীয়ত আইন বলবৎ কৰিব বিচাৰিছে ইছলামিক আইন অসমত হলে আপোনালোক ইয়াত বহি থাকিব নোৱাৰিব । বাংলাদেশৰ পৰা হিন্দু বাঙালী সকলক খেদি দিছিল এইবাৰ যদি কংগ্ৰেছ মহাজোটৰ চৰকাৰ হয় তেন্তে অসমৰ সকলো জাতি জনজাতিক খেদি অসম খনক বাংলাদেশ বনাব, ফলত বিজেপিক ভোট দি বদৰুদ্দিনক ৰাজনৈতিক বাবে অসমৰ পৰা খেদি পঠিয়াব লাগিব তেতিয়াই অসমত শান্তি থাকিব বুলি মইনা পুৰৰ নির্বাচনী সভাখনত আজি বিজেপি প্ৰাৰ্থী গৰাকীয়ে ভাষণত কয়।

কংগ্ৰেছ মহাজোটে মিছা কথা কৈ ভোট আদায় কৰিবলৈ চেষ্টা কৰি আছে, কংগ্ৰেছৰ পৰা সাৱধান হ'ব লাগিব, আমি নামঘৰ বুলি কওঁ যদিও কংগ্ৰেছে কমিনিটি হ'ল বুলি কয়- কিয়নো কংগ্ৰেছে নামঘৰ কবলৈ লাজ পায় বুলি সোমবাৰে শালবাগানৰ এখন নিৰ্বাচনী সভাত হোজাই সমষ্টিৰ বিজেপি দলৰ মনোনীত ৰামকৃষ্ণ ঘোষে কয়।

বিজেপি চৰকাৰে সকলো জাতি-জনগোষ্ঠীৰ বাবে কাম কৰে, দেশৰ বাবে কাম কৰে। বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক সংঘ দিয়ে বিজেপিৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰ আৰু হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমা বালা দেৱীয়ে। কংগ্ৰেছ মহাজোট, ৰাইজৰ দল, অসম জাতীয় পৰিষদে 'কা' সন্দৰ্ভত ৰাইজক ভুল বুজাই ভোট লাভ কৰাৰ চেষ্টা কৰি আছে। কংগ্ৰেছৰ চৰকাৰত দিছপুৰত দালালৰ দপদপনি আছিলে যদিও বিজেপি চৰকাৰ অহাৰ পাছত দিছপুৰত দালালৰাজ বন্ধ হৈছে। কংগ্ৰেছৰ সময়ত জঙ্গল ধ্বংস কৰা হৈছে আৰু বিজেপিৰ সময়ত জঙ্গল বৃদ্ধি পাইছে।

হোজাইৰ গোপাল নগৰ, বৰদলৈ কলনীত কিয় হিন্দু মানুহ নাইকিয়া হৈ গ'ল বুলি প্ৰশ্ন কৰি কয়- যদি বদৰুদ্দিন আজমল ধৰ্মনিৰপেক্ষ মানুহ হয় তেন্তে হোজাইৰ পৰা বদৰুদ্দিন আজমলে কিয় প্ৰতিদ্বন্দিতা নকৰে বুলি প্রশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ চিন্তা কৰে বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপি আই এম ডি টি আইন বাতিল কৰিছিল বুলি প্ৰাৰ্থী গৰাকীয়ে ভাষণত কয়।

বিজেপি চৰকাৰ অহাৰ পাছত অৰুনোদই আঁচনিৰ ৮৩০ টকাৰ পৰা ৩ হেজাৰ টকা বৃদ্ধি কৰিব , অহা এক এপ্ৰিল আমি এটা উৎসৱ হিচাপে লৈ পুৱাৰ ভাগতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপিক চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায় অৰ্জুন মজুমদাৰে। সভাত জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱীয়ে বিভিন্ন উন্নয়ন মূলক আঁচনিৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়াই বিজেপি দলৰ প্ৰাৰ্থীক পদুম ফুলত ভোট দিবলৈ আহ্বান জনায়। সোমবাৰে হোজাই সমষ্টিৰ অন্তৰ্গত নন্দপুৰ, ঢলপুখুৰী আৰু ভালুকমাৰী গাওঁ পঞ্চায়তত কেইবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in