হোজাইত পুনৰ ৫০ জন লোকৰ দেহত কোভিড-১৯

হোজাইত পুনৰ ৫০ জন লোকৰ দেহত কোভিড-১৯
  • হোজাই জিলাত পুনৰ ৫০ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • হোজাইৰ শিঙ্গাৰী বস্তিৰ ৪ জন, বিদ্যানগৰৰ ১ জন আৰু কৃষ্ণনগৰৰ ১ জন আছে এইসকল আক্ৰান্তৰ ভিতৰত।
  • এইসকল আক্ৰান্তৰ ভিতৰত কেবাজনো বাহিৰৰ পৰা অহা লোক আছে।
  • এইসকলৰ ভিতৰত শিঙ্গাৰী বস্তি গাঁৱৰ ৪ জন যুৱক কেৰেলাৰ পৰা আহি প্ৰথম ৭ দিন কোৱাৰেন্টাইন শিবিৰত থাকি হোম কোৱাৰেন্টাইনত আছিল।
  • হোম কোৱাৰেন্টাইনত থকা যুৱককেইজন হৈছে গব্র চাওঁৰা, বলৰাম চাওঁৰা, শিৱা চাওঁৰা, নচিব গেৰুৱাৰ।
  • আনহাতে বিদ্যানগৰৰ কেইজন হৈছে, পংকজ চৌহান আৰু কৃষ্ণনগৰৰ প্ৰবীৰ দাস।
  • এই ছয় জন লোকক চিকিৎসা বিভাগে আশা কৰ্মীৰ সহযোগত ১০৮ এম্বুলেন্স যোগে যোগিজান কোভিড চিকিৎসালয়ত ভৰ্ত্তি কৰায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in