গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি…

গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই গোগামুখ পাৰঘাটত উদ্ধাৰ হ'ল এচা সুগৰি পহু। প্ৰায় ৫ বছৰীয়া শুগৰি পহুটো ৰাইজে উদ্ধাৰ কৰি গোগামুখ খণ্ড বন বিভাগক চমজাই দিয়ে ৷ পুৱা পাৰঘাটৰ এঘৰ মানুহৰ বাৰীত সুগৰি পহুটো ঘূৰি ফুৰা দেখি স্থানীয় ৰাইজে পহুটোক আটক কৰে আৰু গোগামুখ খণ্ড বন বিভাগক পহুটো চমজাই দিয়ে। গোগামুখ পশু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে পহুটোক কাজিৰঙা অভয়াৰন্যত মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in