শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

অলিম্পিকত ৩বাৰকৈ স্বৰ্ণ পদক বিজেতা ভাৰতীয় প্ৰাক্তন হকী খেলুৱৈ বলবীৰ সিং চিনিয়ৰ আৰু নাই…

761

ডিজিটেল ডেস্কঃ ক্ৰীড়া জগতৰ বাবে এটা দুঃখবৰ। তিনিবাৰকৈ অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা ভাৰতীয় প্ৰাক্তন হকী খেলুৱৈ বলবীৰ সিং চিনিয়ৰ আৰু নাই। বিগত প্ৰায় দুটা সপ্তাহ ধৰি চিকিতসাধীন হৈ থকা সিঙে পঞ্জাৱৰ মহালীৰ এখন হস্পাতালত ৯৫বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে পুৱা ৬.৩০ বজাত মৃত্যু হোৱাৰ কথা সংবাদ মাধ্যমত পৰিয়ালৰ লোকে অৱগত কৰে।

Hockey Olympian Balbir Singh Sr Passes Away At Age Of 95 In Mohali ...

যোৱা ৮মেৰ দিনা শাৰিৰিক অসুস্থতাৰ বাবে সিঙক ভৰ্তি কৰোৱা হৈছিল হস্পাতালত। ১৮মেৰ পৰা তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে। উল্লেখ্য যে, বলবীৰ সিং চিনিয়ৰক আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই আধুনিক অলিম্পিক ইতিহাসৰ ১৬জন মহান খেলুৱৈৰ মাজত স্থান দিছিল। হেলচিঙ্কি অলিম্পিকৰ ফাইনেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ দিয়া ৫টা গ’লৰ ৰেকৰ্ড আজিও অটুট আছে।

Hockey legend Balbir Singh Sr passes away at 95 | Tehelka



আপুনি পঢ়ি ভাল পাব পৰা বাতৰি