এনআৰচিত নাম অন্তৰ্ভূক্ত হোৱা ৰহস্যজনক লোকৰ তথ্য বিচাৰি উপায়ুক্তলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ…

এনআৰচিত নাম অন্তৰ্ভূক্ত হোৱা ৰহস্যজনক লোকৰ তথ্য বিচাৰি উপায়ুক্তলৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ…

ডিজিটেল ডেস্কঃ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশ। ৰাজ্যৰ সকলো জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰা গুৰুত্বপূৰ্ণ নিৰ্দেশটোত অবৈধভাৱে এন আৰ চিৰ খচৰাত নাম সুমোওৱা লোকসকলৰ তালিকা বিচাৰিছে।

২০১৯ৰ ৩১ অক্টোবৰত প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাত বহু ৰহস্যজনক নাম অন্তৰ্ভূক্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। সেই বিষয়টোক আধাৰ কৰি লৈ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে দিয়া এই নিৰ্দেশত উল্লেখ কৰিছে যে সদ্য প্ৰকাশিত এন আৰ চিত কিছু অযোগ্য লোকৰ নাম অন্তৰ্ভূক্ত হোৱা দৃষ্টিগোচৰ হৈছে।

এই পত্ৰখনত উল্লেখ কৰা মতে, এন আৰ চিত অন্তৰ্ভূক্ত হ'ব নলগীয়া তেনে লোকৰ তালিকা আপোনালোকে আমাক দিছে, আৰু সেই তালিকাত থকা সন্দেহযুক্ত লোকসকলৰ সন্দৰ্ভত সকলো তথ্য প্ৰদানৰ বাবে অনুৰোধ জনোৱা হ'ল।

১৯ ফেব্ৰুৱাৰীত স্বাক্ষৰ কৰা পত্ৰ নং- SPMU/NRC/GIS/70/2015/351 পত্ৰত জৰুৰীভাৱে সেইবোৰ দেশৰ মহা প্ৰৱন্ধকক অৱগত কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in