ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, কি ক’লে হীৰেণ গোঁহাইয়ে? চাওঁক VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহী গোচৰ ৰুজু কৰাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়- 'এনেকুৱা কামবোৰ ৰাষ্ট্ৰই কৰিয়েই থাকে। মোক কিছু সময় আগতে এজন ব্যক্তিয়ে ফোনযোগে এই কথা জনাইছে।'

তেওঁ লগতে কয়- 'অৱশ্যে সেই দিনা মই দিয়া ভাষণ সম্পূৰ্ণ ৰূপত সংবাদমাধ্যমত প্ৰকাশ পোৱা নাছিল। বৰঞ্চ কি প্ৰেক্ষাপটত মই মোৰ ভাষণ দিছিলো, সেই বিষয়ে আগবঢ়োৱা বাখ্যাখিনি কিছু বিকৃত কৰি কেইটামান বিশেষ লাইনহে একাংশ সংবাদমাধ্যমত প্ৰকাশ পালে।'

উল্লেখ্য যে, ৭ জানুৱাৰীত ড০ হীৰেণ গোঁহাইয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আয়োজন কৰা ধিক্কাৰ দিৱসত অংশ লৈ স্বাধীন অসমৰ প্ৰসংগ উত্থাপন কৰিছিল। বুদ্ধিজীৱী গৰাকীয়ে দিয়া ভাষণৰ অসম্পাদিত ভিডিঅ' এয়া-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in