বিজেপিৰ গড়ালত সোমাই cAAৰ প্ৰাসংগিকতা আমি নিজে শেষ কৰিলোঃ ড০ হীৰেন গোহাঁই

বিজেপিৰ গড়ালত সোমাই cAAৰ প্ৰাসংগিকতা আমি নিজে শেষ কৰিলোঃ ড০ হীৰেন গোহাঁই

ডিজিটেল সংবাদ গুৱাহাটীঃ শনিবাৰে দুুপৰীয়া ১২বজাত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে সম্বোধন কৰে এখনি সংবাদমেলৰ। এই সংবাদমেলত সাম্প্ৰতিক সময়ৰ বিভিন্ন সমস্যাক লৈ সৰৱ হৈ পৰে চিন্তাবিদগৰাকী। আৰম্ভণিতে ৰাজ্যত শেহতীয়াকৈ হিন্দু-মুছলমানৰ মাজত জাত-পাতৰ ৰাজনীতি হোৱা বুলি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়- বৰ্তমান অসমত হিন্দু-মুছলমানৰ মাজত জাত-পাতৰ ৰাজনীতি চলিছে। এয়া গণতন্ত্ৰৰ বাবে অশুভ পৰম্পৰা। দুষ্ট শক্তিৰ এয়া এক পৰিকল্পিত ষড়যন্ত্ৰ, এই ক্ষেত্ৰত আমি মাৰ বান্ধি থিয় দিয়া উচিত।

কা'ক লৈ সৰৱ বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে কয়- সদনত বিৰোধীক কথা কবলৈ সুবিধা দিয়া হোৱা নাই। ক্ষমতাৰ বলেৰে সদনত কাক আইনলৈ ৰূপান্তৰ কৰা হ'ল। কাৰ প্ৰাসংগিকতা কেতিয়াও শেষ হোৱা নাই আৰু নহয়। কিন্তু আমি এচামেহে ইয়াৰ প্ৰাসংগিকতা নাইকিয়া কৰিলো। প্ৰথমে গৰম গৰম কথা আৰু ভাষণ দি শেষত কিছুমান বিজেপিৰ গড়ালত সোমালেগৈ। এনেদৰে এটা আন্দোলন কেতিয়াও ফলপ্ৰসূ নহয়। যাৰ বাবে আজি কা' আন্দোলনটো নিঃশেষ হৈ গ'ল যেন সকলোৰে অনুভৱ হয়, এয়া বৰ পৰিতাপৰ কথা।

ইফালে বৰাকত অসমীয়া ভাষাৰ বেনাৰ ফালি পেলোৱা প্ৰসংগক লৈও নিজৰ মত ৰাখে ড০ হীৰেন গোহাঁয়ে। তেওঁ কয়- একাংশই বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যাকাৰ মাজত এক বিভেদৰ বীজ সিচাঁৰ বাবে অপ্ৰাণ চেষ্টা কৰি থাকে। এয়া কোনো নতুন কথা নহয়। কিন্তু আমি এই কথাও মনত ৰাখিব লাগিব যে প্ৰদীপ দত্ত ৰায় ইমান গুৰুত্বপূৰ্ণ মানুহ নহয়। তেওঁৰ মন্তব্যত ইমান প্ৰতিক্ৰিয়া দি লাভ নাই। কোনো কোনো ক্ষেত্ৰত আমাৰ ইয়াতো প্ৰতিক্ৰিয়া বেছি হয় বুলি অনুভৱ কৰিছো।

এটা কথাও ঠিক অসমীয়া ভাষাক অৱজ্ঞা কৰিলে মনে মনে বহি থাকিব নোৱাৰো। কিন্তু ৰাজনৈতিক প্ৰৰোচনাত পৰি প্ৰদীপ দত্তৰ দৰে ভিত্তি নথকা এজনৰ কথাত ইমান হৈ হাল্লা কৰি লাভ নাই। আমি এই কথাও মনত ৰাখিব লাগিব যে, বৰাকত বঙালী ভাষাৰ প্ৰতি এটা দুৰ্বলতা থকাটো স্বাভাৱিক, কিন্তু সেই বুলিয়ে অসমীয়া ভাষাক এলাগী কৰিব কোনেও নোৱাৰে।

হিন্দু-মুছলমান আৰু বৰাক-বহ্মপুত্ৰৰ এনেবোৰ প্ৰসংগত লাগি থাকোতে আমি ৰাজ্যৰ বহু গুৰু সমস্যাৰ কথা পাহৰিয়ে পেলাইছো। শেহতীয়াকৈ ৰাজ্যত নিবনুৱাৰ সংখ্যা অতিপাত বৃদ্ধি পাইছে। এই বিষয়ৰ প্ৰতি আমি কিয় উদাসীন! ঔষধৰ দাম ৩ গুণ বাঢ়িল, এইবোৰ বিষয়ৰ প্ৰতি আমি কিয় মাত মতা নাই? এয়া প্ৰশ্ন কৰাৰ সময় এতিয়া। কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি আমি লাগি আছো হিন্দু-মুছলমানৰ দৰে লঘু কিছুমান প্ৰসংগত। ৰাজনৈতিক পাকচক্ৰত পৰি আমি কিছুমান সমস্যাৰ ফালে পিঠি দিলে নহ'ব।

সংবাদমেলখনিত শেহতীয়াকৈ এ পি এছ চিৰ পৰা অসমীয়া প্ৰশ্নকাকত আতৰোৱাৰ প্ৰসংগক লৈ আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট চিন্তাবিদগৰাকীয়ে। তেওঁ কয়- এ পি এছ চি পৰীক্ষাত অসমীয়াৰ প্ৰশ্নকাকত নথকাটো পৰিতাপৰ কথা। দেশৰ বিভিন্ন ৰাজ্যত এনে পৰীক্ষাত মাতৃভাষাক প্ৰাধান্য দিয়া হয়। কিন্তু আমাৰ ইয়াত কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰা হল মোৰ বোধগম্য হোৱা নাই। ইংৰাজী স্কুলত পঢ়াৰ বাবে অসমীয়া নাজানিব সেইটো কেনেকুৱা কথা। এই কথাত আছু, সাহিত্য সভাইও প্ৰতিবাদ নকৰে। আচলতে বহু বিষয়ত আমি এতিয়া উদাসীন। এইবাবেই চৰকাৰে এনেবোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সুযোগ পাইছে।

সংবাদমেলত অসম আৰু অসমীয়াৰ একতা যাতে কোনো অশুভ শক্তিয়ে শেষ কৰিব নোৱাৰে তাৰবাবে সকলো সচেতন হৈ থাকিবলৈ আহ্বান জনায় তেওঁ। অনাগত সময়ত অসমীয়াই জাতিৰ প্ৰতি অহা সকলো দুৰ্যোগ সাহসেৰে মুখামুখি হ'বলৈও পৰামৰ্শ প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড০ হীৰেন গোহাঁয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in