এন আৰ চি বাতিলৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ…

এন আৰ চি বাতিলৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ…

ডিজিটেল সংবাদ, শিলচৰ: ১৯৭১ চনক অবৈধ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে লৈ প্রস্তুত কৰা ৰাষ্ট্রীয় নাগৰিক পঞ্জী অতি শীঘ্রে বাতিলৰ দাবী জনাইছে হিন্দু যুৱ ছাত্র পৰিষদ অসমে। সংগঠনটোৰ যুক্তি যে, যিহেতু সমগ্র ভাৰতবৰ্ষত অবৈধ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন। গতিকে ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈহে ৰাষ্ট্রীয় নাগৰিক পঞ্জী প্রস্তুত কৰিব লাগিব।

শনিবাৰে শিলচৰত আয়োজিত এক সংবাদমেলত সংগঠনটোৱে এই দাবী উত্থাপন কৰাৰ লগতে অসম চুক্তি অসমৰ বাবে এক ডাঙৰ অভিশাপ বুলি মন্তব্য কৰে। বিদেশী বহিষ্কাৰৰ নামত ৮৫৫ গৰাকী শ্বহীদ হ'ল। তথাপি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন নহ'ল। গতিকে অসমচুক্তি অনুসৰি এন আৰ চি প্র্স্তুত নকৰি ১৯৫১ চনক ভিত্তিবৰ্ষ কৰিব লাগে বুলি দাবী সংগঠনটোৰ সভাপতি বলেন বৈশ্যৰ।

সংবাদমেলত বলেন বৈশ্যই আৰু কয় যে- সকলো হিন্দুৰ নামেই নাগৰিক পঞ্জীত স্থান পাব লাগিব ৷ কাৰণ হিন্দুসকলে দেশ বিভাজন কৰি পাকিস্তান আৰু বাংলাদেশৰ সৃষ্টি কৰা নাছিল নাইবা বিভাজিত ভাৰতৰ সীমাও নিৰ্ধাৰণ কৰা নাছিল৷ গতিকে " নেহৰু লিয়াকট চুক্তি" আৰু "ইন্দিৰা মজিব চুক্তি"ৰ ভিত্তিতে কোনো হিন্দু ভাৰতত অবৈধ বিদেশী নহয়, তেওঁলোক শৰণাৰ্থী৷ লগতে শৰণাৰ্থী আৰু অবৈধ বিদেশীক একাকাৰ কৰিবলৈ দিয়া নহ'ব বুলিও বৈশ্যই মন্তব্য কৰে৷

ইফালে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপৰ দুমুখীয়া নীতিক তীব্র সমালোচনা কৰে হিন্দু যুৱ ছাত্র পৰিষদে। চৰকাৰত থাকি অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমবাসীক প্রতাৰণা কৰিছে। যদিহে কেবৰ বিৰোধিতা কৰে, তেন্তে চৰকাৰৰ পৰা অগপ ওলাই আহক ।মন্ত্রিত্বৰ লোভ এৰিব নোৱাৰা অগপৰ একাংশ নেতাই কেব বিৰোধিতা কৰিব নে সমৰ্থন কৰিব সেয়া স্পষ্ট কৰিবলৈ অগপক দাবী জনাইছে সংগঠনটোৰ সভাপতি গৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in