এয়াই অসম! হিন্দু-মুছলমানৰ মাজত নাই কোনো বিভেদ, নাই কোনো প্ৰভেদ…

এয়াই অসম! হিন্দু-মুছলমানৰ মাজত নাই কোনো বিভেদ, নাই কোনো প্ৰভেদ…

ডিজিটেল ডেস্কঃ শংকৰ আৰু আজানৰ দেশ এইখন অসম। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দুজন ব্যক্তিয়ে মমবাতি আৰু চাকি জ্বলোৱা দৃশ্যই সকলোৰে মন মোহিব। হিন্দু লোকজনে ডিঙিত গামোচা লৈ আঠুকাঢ়ি এগচি বন্তি আৰু ধূপ-ধূনা জ্বলালে। মুছলমান গৰাকীয়ে মমবাতি জ্বলাই আল্লাক প্ৰাৰ্থনা কৰিলে।

এইখন অসমৰে এই দৃশ্যই দেখুৱাই দিলে সম্প্ৰীতিৰ নিদৰ্শন। যি সময়ত নিজামুদ্দিনক কেন্দ্ৰ কৰি এক সাম্প্ৰদায়িক বিভেদৰ বীজ ৰূপন হৈছে, সেই সময়ত এই দুজন ব্যক্তিৰ এনে আন্তৰিকতা পূৰ্ণ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি জনোৱা সঁহাৰিয়ে কাৰ মন আৰু হৃদয় স্পৰ্শ নকৰাকৈ থাকিব পাৰে।

এই দৃশ্য কৰ সেয়া জানিব পৰা হোৱা নাই। কিন্তু ছচিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে এইখন আলোকচিত্ৰই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এগৰাকী শুভাকাংক্ষীয়ে আমালৈ প্ৰেৰণ কৰিছিল এই আলোকচিত্ৰ।

এইখন ফটোৱে যেন বহু কথা কৈ গল। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে ১৩০কোটি জনতাৰ ঐক্যবদ্ধ মহাশক্তি প্ৰদৰ্শনৰ প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হিন্দু-মুছলমান নিৰ্বিশেষে এনে প্ৰগতিশীল চিন্তা-চেতনা জাগ্ৰত কৰা এই দৃশ্য নিঃসন্দেহে ৫ এপ্ৰিলৰ এখন সৰ্বশ্ৰেষ্ঠ আলোকচিত্ৰ বুলিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in