ওদালগুৰিত এনআৰচিৰ বিৰুদ্ধে হিন্দী ভাষী বিকাশ পৰিষদৰ ধৰ্ণা…

ওদালগুৰিত এনআৰচিৰ বিৰুদ্ধে হিন্দী ভাষী বিকাশ পৰিষদৰ ধৰ্ণা…

ডিজিটেল সংবাদ, ওদালগুৰি: সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। কৰবাত যদি প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰিছে, আন কৰবাত আকৌ হাজেলাক জেললৈ প্ৰেৰণৰ দাবীৰে প্ৰতিবাদত বহিছে দল সংগঠন। বিভিন্ন দল-সংগঠন তথা জাতি-জনগোষ্ঠীৰ পাছত এইবাৰ এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় হিন্দীভাষী লোকসকল।

এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বহু হিন্দী ভাষী লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত মঙলবাৰে অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ উদ্যোগত ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ সন্মুখত তিনিঘন্টীয়া ধৰ্না কাৰ্যসুচী ৰূপায়ন কৰে।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা কেইবা শতাধিক হিন্দীভাষী লোকসকলে প্ৰতীক হাজেলা মূৰ্দাবাদ, অসম চৰকাৰ হায়-হায়, হিন্দীভাষীক বঞ্চনা নচলিব, এনআৰচিত নাম অন্তৰ্ভুক্ত নহ'লে আমি ক্ষান্ত নহও আদি শ্লোগানেৰে ধৰ্ণাস্থলীৰ পৰিৱেশ উত্তাল কৰি তোলো। ধৰ্না কাৰ্যসূচীত অংশ গ্ৰহন কৰি অখিল অসম হিন্দীভাষী বিকাশ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সন্তোষ শ্বাহে কয়- আমি পাকিস্তান বা বাংলাদেশৰ পৰা অহা জনগোষ্ঠী নহয়, ভাৰতীয় নাগৰিক হিচাপে আমি ভাৰতৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ আছে।

অসমত জন্মগ্ৰহণ কৰি সুদীৰ্ঘ বছৰ ধৰি আমি অসমকে আপোন কৰি লৈছো। তেনেক্ষেত্ৰত অসমৰ এনআৰচিৰ পৰা হিন্দী ভাষী ভেজপুৰী সকলৰ নাম বাদ পৰাটো চৰম লজ্জাজনক কথা। সেয়ে এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজন হিন্দীভাষী ভোজপুৰীৰ নাম বিনাচৰ্তে এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই অন্যথা দিছপুৰ আৰু দিল্লী চলো কাৰ্যসুচী গ্ৰহন কৰিব বুলি নেতা গৰাকীয়ে সকীয়াই দিয়ে।

কাৰ্যসূচীটোত সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে গণেশ ঠাকুৰ, বীৰবল ঠাকুৰৰ লগতে সংগঠনটোৰ বহু কেইগৰাকী বিষয়বৱীয়া উপস্থিত থাকে। প্ৰতিবাদৰ অন্তত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in