আজমলৰ স্বাস্থ্যকলৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰীয়ে লৈছেনে অখিলৰ খবৰ?

আজমলৰ স্বাস্থ্যকলৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰীয়ে লৈছেনে অখিলৰ খবৰ?

ডিজিটেল ডেস্কঃ ৰাজনৈতিক ক্ষেত্ৰত আজমল আৰু হিমন্তৰ মাজৰ সম্পৰ্ক সাপ নেউলৰ দৰে বুলিয়েই সকলোৱে জানে। সেইবুলি কোৰোনাৰ দৰে মাৰাত্মক ভাইৰাছত আক্ৰান্ত অসমৰে এজন ৰাজৈনতিক নেতাৰ খবৰ স্বাস্থ্য মন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱাটো কৰ্তব্য বুলিয়েই সকলোৱে মানি ল'লে হেতেন, যদিহে মন্ত্ৰী গৰাকীয়ে নিজে কোৰোনাৰ আৰম্ভনীৰে পৰা বাৰম্বাৰ কোৰোনা আক্ৰান্তৰ খবৰ ব্যক্তিগতভাৱে তেওঁ কেতিয়াও উচিত নহয় বুলি কৈ নাথিকিলেহেতেন। সমগ্ৰ ৰাইজখনৰে তেওঁ উমৈহতীয়াভাৱে ৰখাটোহে মন্ত্ৰী হিচাপে তেওঁৰ দায়িত্ব।

এনে এক যুক্তিৰেই অখিল আৰু বিভিন্ন জনৰ আৱেদন নিৱেদন স্বত্বেও কৃষক নেতা অখিল গগৈ আৰু তেওঁৰ সতীৰ্থ সকলৰ স্বাস্থ্যৰ সন্দৰ্ভত মন্তব্য কৰা অথবা কোৰোনাত আক্ৰান্ত হোৱা বুলি প্ৰচাৰ হোৱাৰ পিছতো পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মৌন হৈ আছিল। কিন্তু আজি কালিৰে পৰা মুম্বাইৰ বাসভৱনত চিকিৎসা লৈ থকা এ আই ইউ ডি এফ নেতা বদৰুদ্দিন আজমল মুম্বাইৰ এখন চিকিৎসালয়লৈ আজি স্থানান্তৰিত হোৱাৰ লগে লগে বিষয়টোকলৈ টুইট কৰাৰ উপৰি নেতা গৰাকীৰ স্বাস্থ্যৰ খা-খবৰ কৰাৰ প্ৰসংগ প্ৰচাৰ হোৱাৰ লগে লগে চ'চিয়েল মিডিয়াত অসংখ্য লোকে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে।

এজনক সদায় অ-খিলঞ্জীয়াৰ নেতা বুলি কৈ স্বাস্থ্যৰ ক্ষেত্ৰত ইমান সক্ৰিয়তা প্ৰদৰ্শনৰ বিৰপৰীতে খিলঞ্জীয়া কৃষকৰ নেতা অখিল গগৈ মন্ত্ৰী গৰাকীৰ দূৰ্নীতিৰ সন্দৰ্ভত মুখৰ বাবেই তেওঁৰ স্বাস্থ্যৰ অৱনতী ঘটাৰ পৰতো এনেদৰে আক্ৰোশমূলকভাৱে উদাসীন হৈ আছে বুলি বিভিন্ন মহলে মন্তব্য কৰিছে। এই ক্ষেত্ৰত অতিকৈ হাস্যকৰ কথাটো হ'ল এয়ে যে চিকিৎসালয়লৈ স্থানান্তৰিত কৰা বদৰুদ্দিন আজমলক চাৰি জুলাইত কৰা ক'ভিড টেষ্টৰ ৰিপ'ৰ্ট নিগেটিভ যদিও পূৰ্বৰে পৰা শ্বাস-প্ৰশ্বাসৰ অসুবিধা আৰু মধুমেহত আক্ৰান্ত নেতা গৰাকীক দৰাচলতে আজি ইয়াৰ চিকিৎসাৰ বাবেহে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

এই কথা বদৰুদ্দিন আজমলে নিজেই টুইট যোগে প্ৰকাশ কৰাৰ লগতে অৱশ্যে কয় যে শেহতীয়াকৈ পুনৰ দ্বিতীয় বাৰৰ বাবে তেওঁক স্বাৱ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও বৰ্তমানলৈকে ইয়াৰ ফলাফল অহা নাই। সেয়েহে আজমলৰ টুইটৰ পিছতে পুনৰ চ'ছিয়েল মিডিয়াত চৰ্চা হৈছে আজমলৰ স্বাস্থ্যৰ প্ৰতি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্বিগ্নতাৰ আঁৰত আচলতে কি?


যিটো সময়ত কৃষক নেতা অখিলৰ স্বাস্থ্যকলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সকলোৱে উদ্বিগ্নতা প্ৰকাশ কৰিছে, অখিলৰ সুস্বাস্থ্য কামনা কৰি ৰাজ্যৰ প্ৰায় ঘৰে ঘৰে চাকি বন্তি জ্বলাইছে তেনে সময়তে প্ৰায় আঠ মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা গৰাকীৰ হৈ অকনো সহমৰ্মিতা প্ৰকাশ নকৰি সততে চিৰবৈৰী হিচাপে জনাজাত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্তৰ ইমান দৰদৰ বিপৰীতে অখিলৰ প্ৰতি চৰকাৰী আক্ৰোশৰ আঁৰৰ ৰহস্য কি সেই প্ৰশ্নও পুনৰ উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in