প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ফেচবুকত কি লিখিলে হিমন্ত বিশ্ব শৰ্মাই…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মঙলবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শর্মাই। সাক্ষাৎ কৰাৰ পাছতেই সংবাদমাধ্যমক একো নক'লেও নিজৰ ফেচবুক একাউণ্টত প্ৰধানমন্ত্ৰীক সাক্ষাৎ সন্দৰ্ভত ফেচবুকত কিছু কথা উল্লেখ কৰিলে। মন্ত্ৰী শৰ্মাই লিখিছে- 'কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে আজি সন্মানীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষ্যাৎ কৰিলোঁ ৷ এই সাক্ষ্যাৎকালত তেওঁলোকে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াৰ সদিচ্ছা তথা অৰিহণাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে সমাগত লোকসভা নিৰ্বাচনলৈ শুভেচ্ছা জ্ঞাপন কৰে ৷'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in