শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO

5,665

ডিজিটেল সংবাদ, গুৱাহাটীঃ স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে বুজ ল’লে কোৰোনা ভাইৰাছত আক্ৰান্ত কামৰূপ মহানগৰৰ প্ৰথমগৰাকী লোকৰ মনীষ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেনৰ পৰিস্থিতি। স্পেনিছ গাৰ্ডেনৰ পৰিস্থিতি বুজ লোৱাৰ পিছতে সংবাদমাধ্যমত মন্ত্ৰীগৰাকীয়ে কয়, ”স্পেনিছ গাৰ্ডেনত আমি এগৰাকী লোক মনীষ তিবৰেৱালৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা জানিব পাৰিছিলো। পৰৱৰ্তী সময়ত তেওঁৰ সংস্পৰ্শলৈ অহা ৪৮ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছিলো। কিন্তু কোনো লোকৰে দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ নাহিল।’’

তেখেতে লগতে কয়, ”সেইবাবে আমাৰ উৎকণ্ঠা বৃদ্ধি পাইছে। কাৰণ তেওঁৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পাৰিছিলো যদিও এতিয়ালৈকে কেনেকৈ তেওঁ কোৰোনাত আক্ৰান্ত হ’ল সেই কথা জানিব পৰা হোৱা নাই। সেইবাবে আমি স্পেনিছ গাৰ্ডেনক গুৱাহাটীৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি দিছো। এতিয়াৰে পৰা স্পেনিছ গাৰ্ডেনৰ লোকসকলক গেটৰ লৈকে খাদ্য সামগ্ৰী যোগান ধৰা হ’ব। তেওঁলোকৰ এই খাদ্য গেটত সংগ্ৰহ কৰি নিৰাপত্তাৰক্ষীয়ে সম্পূৰ্ণ নিৰাপদ সাজ পিন্ধি যোগান ধৰিব। লগতে ইয়াৰ বাসিন্দাসকলে আমাক সম্পূৰ্ণ সহযোগ আগবঢ়াইছে। কেৱল ৰেচিডেন্সিয়েল এছ’চিয়েচনৰ ৪ জন লোকহে তললৈ নামিব পাৰিব।’’

মনীষ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কি ক'লে চাওঁক LIVE

মনীষ তিবৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কি ক'লে চাওঁক LIVE

Asomiya Pratidin ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಸೋಮವಾರ, ಏಪ್ರಿಲ್ 6, 2020
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি