‘স্বামীৰ মৃত্যুৰ এমাহৰ ভিতৰত বিধৱা মহিলাই ২৫ হাজাৰ পাব, ১০ লাখ পৰিয়ালে সোণ পালে অসমখন সোণৰ নহ’বনে’

‘স্বামীৰ মৃত্যুৰ এমাহৰ ভিতৰত বিধৱা মহিলাই ২৫ হাজাৰ পাব, ১০ লাখ পৰিয়ালে সোণ পালে অসমখন সোণৰ নহ’বনে’

ডিজিটেল সংবাদ, শালবাৰীঃ "সদ্যসমাপ্ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ফলাফলত আমি ৯ খন আসন লাভ কৰাটো নিশ্চিত৷" অহা ২৩ এপ্ৰিলত হ'বলগীয়া ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু বিপিএফ দলৰ সমূহীয়া প্ৰাৰ্থী মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰত শনিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অসমৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

ৰাইজক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত তেওঁ চৰকাৰৰ কিছু আঁচনিৰ কথা উল্লেখ কৰি কয়- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত অসমৰ ২৭ হাজাৰ গাঁৱৰ মানুহে বিজুলী বাতিৰ পোহৰ দেখিবলৈ পালে৷ ২০২১ চনৰ ভিতৰত সকলো দুখীয়া লোকৰে পকীঘৰ হ'ব৷ সকলো দুখীয়া লোকে ১৫ টকাত এক কেজি চেনি, ২০ টকাত এক লিটাৰ কেৰাচিন পাব৷

লগতে তেওঁ কয়- স্নাতক পৰ্যায়লৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি পাব৷ হোষ্টেলত থকাৰ বাবে সাতশকৈ দিয়া হ'ব৷ ছাত্ৰীসকলক বেটেৰীচালিত স্কুটি দিম আমি৷ সকলো বিধৱা মহিলাই পেঞ্চন পাব৷ স্বামীৰ মৃত্যুৰ এমাহৰ ভিতৰত বিধৱা মহিলা গৰাকীয়ে ২৫ হাজাৰ পাব৷ মন্ত্ৰী শৰ্মাই লগতে কয়- "দহ লাখ পৰিয়াললৈ যদি এক তোলাকৈ সোণ যায় তেন্তে অসমখন সঁচাকৈ সোণৰ অসম নহ'বনে?"

নিৰ্বাচনী সভাখনত হিমন্ত বিশ্ব শৰ্মাই সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰাৰ লগতে বদৰুদ্দিন আজমলকো সমালোচনা কৰি বদৰুদ্দিনৰ দৰে বেপাৰী এজনৰ তাত কিছুমানে আমাৰ জাতিটোক বিক্ৰী কৰিলে বুলিও খেদ প্ৰকাশ কৰে৷ তেওঁ কয় "ভৱানীপুৰ কেৱল এটা সমষ্টিয়েই নহয়, ই ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পূণ্যভূমি"।

সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাগ লৈ কয়- "২০২১ চনত ৰঙিয়া, সৰভোগ, ভৱানীপুৰত বিপিএফে প্ৰাৰ্থী নিদিয়ে৷ বিজেপিক এৰি দিয়া হ'ব৷" শনিবাৰৰ সভাখনত সাংসদ ৰামেশ্বৰ তেলী, বিশ্বজিৎ দৈমাৰী, মনোজ বৰুৱা আদি উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in