হিমন্তৰ হুংকাৰঃ মোক ক’লা পতাকা দেখুওৱা কাকোৱেই মই নেৰো…

  • হিমন্ত বিশ্ব শৰ্মাক প্ৰদৰ্শন কৰিছিল ক'লা পতাকা।
  • ৰঙিয়াৰ ক'লামণিত প্ৰদৰ্শন কৰিছিল এই পতাকা।
  • কনভয় ভেটি ক'লা পতাকা প্ৰদৰ্শনেৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত এইদৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • ক'লা পতাকাৰ সন্মুখীন হৈ খঙত জ্বলি-পকি মৰিছে হিমন্ত বিশ্ব শৰ্মা।
  • হিমন্ত বিশ্বৰ প্ৰতিক্ৰিয়া-
  • 'মোৰ লগত প্ৰথম এনেকুৱা হৈছে।'
  • 'মই কাকো নেৰো।'
  • ক'লা পতাকা প্ৰদৰ্শন কৰা সকলৰ নাম-ঠিকনা দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিমন্তই।
  • ক'লা পতাকা প্ৰদৰ্শনৰে জড়িত সাতোজনেই বেলেগ বেলেগ ঠাইৰ।
  • হিমন্তৰ মতে, লালুকৰ পৰা আহি সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • 'কে এম এছ এছে ভাৰাত আমি সাব্যস্ত কৰিছে প্ৰতিবাদ।'
  • হিমন্তৰ মন্তব্য- 'লালুকৰ ল'ৰা আহি ক'লা পতাকা দেখুৱাইছে। এয়া ভাৰাতীয়া প্ৰদৰ্শনকাৰী, কে এম আছ এছে বাহিৰৰ পৰা আনি ক'লা পতাকা দেখুৱাইছে, ক'লা পতাকা প্ৰদৰ্শন কৰাৰ ছিণ্ডিকেট চলিছে, সত্ৰ-দেৱালৰ মানুহে নাই দেখুওৱা ক'লা পতাকা।'
  • লগতে হিমন্ত বিশ্বই আৰু কৈছে- 'ফিদৰুছ আৰু আখতাৰুলৰ দৰে মানুহে ক'লা পতাকা কিয় দেখুৱাইছে, দেৱালয়লৈ যাওঁতে মুছলমানে কিয় দেখুৱাইছে ক'লা পতাকা?'
  • 'বাছ আৰু কয়লাৰ ছিণ্ডিকেটৰ কথা শুনিছিলোঁ।'
  • 'এতিয়া ক'লা পতাকাৰ ছিণ্ডিকেট চলিছে।'
  • 'ক'লা প্ৰদৰ্শন কৰা ৭জনক নেতৃত্ব দিছিল ফিদৰুছ আৰু আখতাৰুলে।'
  • 'হিন্দু ধৰ্মীয় অনুষ্ঠান আগ নাবাঢ়িবলৈ এইবোৰ ষড়যন্ত্ৰ, গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আছুৰ সৈতে কথা পাতিছে।'
  • 'অসন্তুষ্টি দূৰ কৰাৰ বাবে চৰকাৰ আলোচনাত বহিব, বিধেয়কক লৈ মানুহৰ মনত থকা শংকা দূৰ কৰা হ'ব।'
  • এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in