কামাখ্যা,দৌল গোবিন্দত ল’লে আশিৰ্বাদ, হিমন্ত বিশ্ব শৰ্মাৰ শুভ ক্ষণ আবেলি ২.৩০ত…

কামাখ্যা,দৌল গোবিন্দত ল’লে আশিৰ্বাদ, হিমন্ত বিশ্ব শৰ্মাৰ শুভ ক্ষণ আবেলি ২.৩০ত…

ডিজিটেল ডেস্ক : মনোনয়ন দাখিলৰ পূৰ্বে কামাখ্যালৈ গ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।পুৱাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিনিকী ভূঞাই গৈ মা কামাখ্যাৰ আশিৰ্বাদ লয় । কামখ্যাৰ উপৰিও দৌল গোবিন্দ মন্দিৰলৈও যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ।

ইফালে সোনোৰাম খেলপথাৰত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়নৰ বাবে । ১২ বজাত সমদল কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ জমা দিব । তেওঁৰ এই মনোনয়ন দাখিল পৰ্বত বিজেপিৰ কেইবাগৰাকীও জ্যোষ্ঠ নেতাই অংশ ল'ব ।

জানিব পৰা মতে বিয়লি ২.৩০ বজাত মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই । মনোনয়ন দিবলৈ যোৱা ৰেলীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । কেইবা সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন পত্ৰ দাখিলৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আবেলি ৪ বজাত মৰিগাওঁত এক পদযাত্ৰাতো অংশ ল'ব গৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in