সাৱধানঃ ইচ্ছা কৰিলেই আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব…

সাৱধানঃ ইচ্ছা কৰিলেই আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব…

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বেনাৰ বিৰ্তকই লগ নেৰা গৈছে অসম চৰকাৰৰ প্ৰায় কেইজন মন্ত্ৰীক। বেনাৰ বিৰ্তকই ছচিয়েল মিডিয়াৰ লগতে সংবাদ শিৰোনামো দখল কৰিছিল। কিছুদিনৰ পূৰ্বে লাভলীনা বৰগোহাঁইৰ শুভেচ্ছামূলক বেনাৰক লৈ মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়ামন্ত্ৰী সোমাই পৰিছিল বিৰ্তকত। সেই বিৰ্তক সম্পূৰ্ণৰূপে নৌ মাৰ যাওতেঁই পুনৰ ছচিয়েল মিডিয়াত চৰ্চালৈ আহিছে পুনৰ এখন ফটো।

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে নৱগ্ৰহত আয়োজন কৰা বিশেষ অনুষ্ঠানটোৰ বেনাৰ এইখন। বেনাৰখনত গোপীনাথ বৰদলৈৰ ফটো এচুকত সৰুকৈ দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্পূৰ্ণ বেনাৰখনত দিয়াক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছিল। এই চৰ্চা আৰম্ভ হোৱাৰ লগে লগে আৰু দীৰ্ঘদিন ধৰি চলি অহা বেনাৰ বিৰ্তক অৱসান ঘটোৱাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বিশেষ ঘোষণা।

হিমন্ত বিশ্ব শৰ্মাই কৰা এই ঘোষণা তথা নিৰ্দেশ টুইটাৰযোগে সদৰি কৰিলে। তেওঁ টুইটাৰত লিখিছে- I do not endorse this kind of branding at all. Instruction has been issued not to use my picture from now onwards without prior approval of my office। মুঠৰ ওপৰত এতিয়াৰে পৰা যিকোনা অনুষ্ঠান বা যিকোনো বেনাৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটত লগতে উল্লেখ কৰিছে যে, এই ধৰণৰ কাৰ্য মুঠেও তেওঁ সমৰ্থন নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in