বিহপুৰীয়াত বিশাল চাইকেল ৰেলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বিহপুৰীয়াত বিশাল চাইকেল ৰেলীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী থকাৰ সময়তে লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিকূল বতৰকো নেওচি মন্ত্ৰী গৰাকীয়ে বিহপুৰীয়া সমষ্টিৰ ধলপুৰত কেইবা সহস্ৰাধিক সমৰ্থকক লগতলৈ আজি এক চাইকেল ৰেলীত অংশগ্ৰহণ কৰে।

ধলপুৰৰ পৰা শিমলুগুৰি, ৰঙতি, মাঘনোৱা, পিছলাগুৰি হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি নাৰায়ণপুৰ বদলা সত্ৰৰ সমীপত উপস্থিত হয়। প্ৰায় ২৪ কিলোমিটাৰ জোৰা উক্ত পথছোৱাত মন্ত্ৰী গৰাকীক বিভিন্ন ঠাইত গায়ন বায়নৰ লগতে হাজাৰ হাজাৰ লোকে ফুল চতিয়াই সম্ভাষণ জনায়৷ইফালে উল্লেখিত ঠাইসমূহত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজা নিজা কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে৷ অন্যহাতে বিদ্যালয়সমূহৰ শিক্ষক ছাত্ৰ ছাত্ৰী, চিকিৎসা বিভাগৰ কৰ্মচাৰীসকলেও ঠায়ে ঠায়ে শিক্ষা তথা স্বাস্থ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়৷

চাইকেল ৰেলীত হাজাৰ হাজাৰ লোকৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, স্থানীয় বিধায়ক দেবানন্দ হাজৰিকা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা দলৰ নেতা ড' অমিয় কুমাৰ ভূঞা,ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰা, হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাবকে প্ৰমুখ্যে কৰি দলীয় নেতা- কাৰ্যকৰ্তাই ড' শৰ্মাক সংগ দিয়ে ৷ স্মৰ্তব্য যে, বৰষুণৰ বতৰকো নেওচি সকলোৱে বৃহৎ চাইকেল ৰেলীত অংশগ্ৰহণ কৰা কাৰ্যত সমষ্টিৰ নেতা কৰ্মীসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in