প্ৰত্যাহ্বানৰ সন্মুখীন হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

প্ৰত্যাহ্বানৰ সন্মুখীন হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

প্ৰত্যাহ্বানৰ সন্মুখীন হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ছোৱাত অত্যাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হব নেকি? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পৰা বৰ্তমানলৈকে লোৱা কেতবোৰ সিদ্ধান্তই এতিয়া এই প্ৰশ্নৰে অবতাৰণা কৰিছে। মুখ্যমন্ত্ৰী হিচাপে ড০ শৰ্মাই তেওঁৰ প্ৰথমখন কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহৰ ভিতৰত অন্যতম সিদ্ধান্ত আছিল প্ৰতিজন মন্ত্ৰীকে অতি কমেও দুখন জিলাৰ অভিভাৱকৰ দায়িত্ব প্ৰদান কৰা,  এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধৰ বিবেচনাৰ বাবে কেবিনেট মন্ত্ৰী অশোক সিংহলক সভাপতি হিচাপে লৈ কমিটি গঠন,  এনআৰএলত অসম চৰকাৰৰ বিনিয়োগ ২৬ শতাংশলৈ বৃদ্ধি আৰু ৰাজ্যৰ ক'ভিড সৃষ্ট পৰিবেশেৰ ওপৰত গুৰুত্ব প্ৰদানেই আছিল এই কেবিনেটৰ মূল সিদ্ধান্ত। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ প্ৰশাসনৰ মূল কেন্দ্ৰ জনতা ভৱনক ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তবোৰ কাৰ্যকৰীকৰণত আগন্তুক সময়ত যে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হব সেয়া নিশ্চিত। মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰথমখন কেবিনেটৰ আটাইতকৈ বৃহৎ ঘোষণা আছিল ১ লাখ নিবনুৱাক চাকৰি প্ৰদান। কেবিনেটৰ এই সিদ্ধান্তই ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল। আগন্তুক তিনি মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা। কিন্তু ক'ভিডৰ এই জটিল পৰিস্থিতিৰ মাজত এই নিযুক্তি প্ৰক্ৰিয়া কিমান দূৰ ফলপ্ৰসু হ'ব সেয়া সন্দেহৰ বিষয়। ৰাজ্যত বৰ্তমান কৰ'না সংক্ৰমনৰ ভয়াবহতাৰ পৰা ৰাজ্যবাসীক উদ্ধাৰৰ প্ৰচেষ্টাত ব্ৰতী হৈ থকা ৰাজ্য চৰকাৰে ক'ভিডৰ দ্বিতীয় লহৰৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ চেষ্টা চলাই থকাৰ মাজতে বিশেষজ্ঞই দাবী কৰিছে অতি সোনকালেই আহিব কৰ'নাৰ তৃতীয় লহৰ। কৰ'নাৰ এই তৃতীয় লহৰে শিশু-কিশোৰক অধিক ক্ষতি কৰিব।

 ইফালে কৰ'নাৰ বাবেই ৰাষ্ট্ৰীয় ব'ৰ্ডৰ পৰীক্ষাবোৰ পিছুৱাই দিয়া হৈছে। অসমৰ ক্ষেত্ৰত বৰ্তমানেও মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ওপৰত জোৰ দি থকা হৈছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অনলাইন মাধ্যমেৰে বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যদিও এই পৰীক্ষাত নানা বিসংগতি য়ে দেখা দিছে। ছাত্ৰ-ছাত্ৰীয়ে দুৰ্বল মোবাইল নেটৱৰ্কৰ বাবে সমস্যাত পৰাৰ লগতে বিভিন্ন কাৰিকৰী অসুবিধাৰ সন্মুখীন হৈছে। কৰ'নাৰ বাবেই এতিয়াও পৰম্পৰাগত শৈলীৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত নহয়। এনে অৱস্থাত ৰাজ্য চৰকাৰে প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ সিদ্ধান্ত এতিয়াই কাৰ্যকৰীকৰণত যে ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিয়ে হেঙাৰ হৈ থিয় দিব সেয়া প্ৰায় নিশ্চিত হৈছে।

নিৰ্বাচনৰ পূৰ্বে ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হ'লে তেওঁলোকৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ কৰিব। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমখন কেবিনেট বৈঠেকত মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধৰ বিবেচনাৰ বাবে কেবিনেট মন্ত্ৰী অশোক সিংহলক সভাপতি হিচাপে লৈ এক কমিটি গঠন কৰি দিয়ে। উল্লেখযোগ্য যে ৰাজ্যত মাইক্ৰ'ফাইনেন্সে ঋণগ্ৰস্থ মহিলাসকলৰ পৰা ১২ হাজাৰ ৮০০ কোটি টকা আদায় কৰিবলৈ আছে। ইমান বৃহৎ পৰিমাণৰ ঋণ ৰাজ্যচৰকাৰে কিদৰে পৰিশোধ কৰিব তাকেলৈয়ো চৰ্চা চলিছে। ইতিমধ্যে একাংশ ঋণগ্ৰস্ত মহিলাই মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকৰ ঋণ মাফ কৰিবলৈ চৰকাৰ ওপৰত দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু ৰাজ্যৰ বৰ্তমানৰ অৰ্থনৈতিক বিপৰ্যয়ৰ এই অৱস্থাত ১২ হাজাৰ ৮০০ কোটি টকা মাইক্ৰ'ফাইনেন্সৰ ঋণ কিদৰে পৰিশোধ কৰিব সেয়া চিন্তনীয় বিষয়।

ইফালে ৰাজ্যত বৰ্তমানেও কৰ'নাই সংহাৰী ৰূপ ধাৰণ কৰি আছে। ৰাজ্যত কৰ'নাৰ বাবেই কাৰ্ফিউ, পাৰ্চিয়েল লকডাউন আদি অব্যাহত আছে। কৰ'নাৰ দ্বিতীয় লহৰৰ পৰা ৰাজ্য মুক্ত নহওতেই বিশেষজ্ঞই দাবী কৰিছে শীঘ্ৰে আহিব কৰ'নাৰ তৃতীয় লহৰ। এনে পৰিস্থিতত ৰাজ্যচৰকাৰে কিদৰে কৰ'নাৰ তৃতীয় লহৰৰ সৈতে মুকাবিলা কৰিব সেয়া লক্ষণীয় হ'ব। কৰ'নাৰ প্ৰথম লহৰৰ পৰা বৰ্তমানলৈকে দেশৰ লগতে ৰাজ্যত লকডাউনৰ ব্যৱস্থা কৰি কৰ'নাৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে যদিও এই ব্যৱস্থা কিমান দিনলৈ থাকিব তাকলৈয়ো প্ৰশ্ন উত্থাপন হৈছে। কৰ'নাৰ প্ৰথম পৰ্যায়ত দেশৰ লগতে ৰাজ্যত ঘোষণা কৰা সম্পূৰ্ণ লকডাউন আৰু ইয়াৰ পৰৱৰ্তীসময়ত অৰ্ধলকডাউন ব্যৱস্থাই কৰ'নাৰ সংক্ৰমণ কিদৰে ৰোধ কৰিব পাৰিছে সেয়াও প্ৰশ্নৰ বিষয়। আগন্তুক সময়ত কৰ'নাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  লকডাউন আৰু কাৰ্ফিউৰ বিকল্প ৰূপে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনক ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতা ভৱনৰ কৰ্মচাৰীসকলক তিনিটা চিফটত বিভক্ত কৰি ২৪ ঘণ্টাই সক্ৰিয় কৰাৰ কথা কৈছে। কিন্তু এনে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনতা ভৱনত প্ৰয়োজন হ'ব আৰু অধিক কৰ্মচাৰী। শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে ৰাজ্য চৰকাৰে জনতা ভৱনত নিযুক্তি দিব লাগিব অধিক কৰ্মচাৰী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল এনআৰএলত অসম চৰকাৰৰ বিনিয়োগ ২৬ শতাংশলৈ বৃদ্ধি কৰা।  এই সিদ্ধান্ত কাৰ্যকৰী কৰি ইতিমধ্যে ৫০০ কোটি টকা আদায় দিছে আৰু অনাদায় ১০০০ কোটি টকা প্ৰদান কৰিবলৈ আগন্তুক ছেপ্তেম্বৰলৈকে সময় লৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি ৰাজ্যৰ বৰ্তমানৰ অৰ্থনৈতিক স্থিতি। এনআৰএলক ১৫০০ কোটি টকা দিবলৈ আজিৰ সময়ত অক্ষম হৈ থকা চৰকাৰখেন আগন্তুক সময়ত কিদৰে এনআৰএলক অনাদায় ১০০০ কোটি টকা পৰিশোধ কৰিব আৰু ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি মাইক্ৰফাইনেন্সৰ ঋণগ্ৰস্থ মহিলাক ১২ হাজাৰ ৮০০ কোটি টকাৰ ঋণৰ পৰা কি দৰে পৰিত্ৰাণ দিব সেয়া লক্ষণীয় হ'ব।

এনেবোৰ কাৰণতে আগন্তুক সময়ত ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেয়া প্ৰায় নিশ্চিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in