পুনৰ নিৰ্মাণ কৰা হ’ব লাচিতৰ সমাধি, ৰংঘৰঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

পুনৰ নিৰ্মাণ কৰা হ’ব লাচিতৰ সমাধি, ৰংঘৰঃ মুখ্যমন্ত্ৰীৰ ঘোষণা…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ১৫ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে খুলিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধেমাজিত এই মন্তব্য কৰিছে। কোভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানসূহ বন্ধ হৈ আছে। ইয়াৰ মাজতে কিশোৰ-কিশোৰীসকলক কোভিড ভেকচিন প্ৰদান কৰি থকা হৈছে।

উল্লেখ্য যে সোমবাৰে ধেমাজিত মে-ডাম-মে-ফিৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। এই অনুষ্ঠানতে তেওঁ বীৰ লাচিত বৰফুকনৰ ওপৰত এক তথ্যচিত্ৰ নিৰ্মাণৰ বিষয়েও ঘোষণা কৰে। ইয়াৰ উপৰিও মুম্বাইত লাচিতৰ ওপৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ অনুষ্ঠিত কৰা হ'ব বুলিও উল্লেখ কৰিছে।

ইফালে মে-ডাম-মে-ফিৰ তাৎপৰ্য বিশ্লেষণ কৰাৰ উপৰিও মুখ্যমন্ত্ৰীয়ে কয় যে, মে-ডাম-মে-ফি উৎসৱে উপৰি পুৰুষ আৰু উত্তৰ পুৰুষৰ প্ৰতি সন্মান বঢ়াই। অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে উপৰি পুৰুষসকলক সন্মান প্ৰদান কৰি অসমৰ উন্নয়নৰ বাবে তেওঁলোকৰ আৰ্শীবাদ বিচাৰে।

অনুষ্ঠাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, আজিও অসমীয়া জাতিয়ে আহোম সকলৰ পূৰ্ব পুৰুষ সকলৰ পৰা প্ৰেৰণা লয়। তেওঁ অসমৰ প্ৰতিখন টাই জনগোষ্ঠীৰ গাঁৱতে একোটাকৈ ২০ লাখটকীয়া চাও চেন ৰে বা পূজাঘৰ নিৰ্মাণ কৰা হ'ব বুলিও উল্লেখ কৰে। আগন্তুক বৰ্ষৰ মে-ডাম-মে-ফিত ৰাজ্যৰ ৫০ খন গাঁৱত এই পূজাঘৰ উদ্বোধন কৰিব বুলি কয়।

আনহাতে হাবুঙত এখন জনগোষ্ঠীয় গাঁও নিৰ্মাণ কৰাৰ উপৰিও আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু মিউজিয়াম নিৰ্মাণৰ কাম কৰিব অহা তিনিবছৰত ৷ ৰংঘৰ আৰু লাচিতৰ সমাধি পুনৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। বীৰ লাচিতৰ শৌৰ্য আৰু শক্তিয়ে অসমীয়া জাতিক সাহস দিয়ে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মুম্বাই,দিল্লীত লাচিতৰ ওপৰত এখন চেমিনাৰ অনুষ্ঠিত কৰা হব আৰু এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in