হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ…

হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ…

ডিজিটেল ডেস্ক : 'প্ৰথম কংগ্ৰেছে অসমক চিনি নাপায়, এতিয়া কংগ্ৰেছে আনকি অসমীয়া লোককো চিনি নাপায়।এইটো আকৌ টাইৱানৰ এটা ছবি।কংগ্ৰেছ নেতাসকলে অসমক পাহৰি গৈছে। দেখুৱাওঁ আহক আমাৰ অসম কিমান সুন্দৰ।" টুইটাৰ যোগে এই মন্তব্য কৰে ৰাজ্যৰ বিত্ত তথা শিক্ষা,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সমাগত বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰনৰ কাৰ্যসূচী গ্ৰহন কৰিছে । অসম প্ৰদেশ কংগ্ৰেছে বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে চলাইছে ৰাজ্য জুৰি 'অসম বচাও' অভিযান চলাইছে ।

উল্লেখ্য যে কংগ্ৰেছৰ অসম বচাও নামৰ ফেচবুক পেজত এখন ফটো শ্বেয়াৰ কৰি ফটোটোৰ কেপচনত লিখিছে যে " অসমক এক উন্নয়নৰ এক আৰ্হি বনাওক আৰু আমাক সহযোগ কৰক " । কিন্তু এই কেপচন সংলগ্ন ফটোখন টাইৱানৰ এখন চাহ বাগিছাৰ বুলি অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে আনকি তেওঁৰ টুইটত ফটো চাৰ্জত আলোকচিত্ৰ খন যে অসমৰ নহয় সেয়া স্ক্ৰীন শ্বটৰ জৰিয়তেও দেখুৱাইছে । ইফালে দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চাহ শ্ৰমিকৰ সৈতে বাগিছাত পাত তোলাৰ লগতে চাহ শ্ৰমিক সকলৰ দুৰাবস্থাৰ বুজ লৈ মতবিনিময় কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in