অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব…

অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব…
  • সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত নলয় বুলি সদৰী কৰে।
  • সম্পূৰ্ণ স্বাভাৱিকভাৱে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো ২ নবেম্বৰৰ পৰা খোলা হ'ব।
  • অৱশ্যে হোষ্টেলসমূহো আৰম্ভণিৰ এমাহ বন্ধ থাকিব।
  • প্ৰয়োজন হ'লে ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব।
  • ইণ্ডিজিনিয়াৰিং-পলিটেকনিকৰ বাবে অনলাইন ক্লাছো চলি থাকিব।
  • এটা ক্লাছত ২০-২৫ জনৰ অধিক ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব।
  • অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।
  • আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে ক্লাছ হ'ব।
  • তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে ক্লাছ কৰিব লাগিব।
  • পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ'ব।
  • লগতে তেওঁ বিদ্যালয়সমূহৰ সন্দৰ্ভত ঘোষণা কৰে।
  • মন্ত্ৰীগৰাকীয়ে কয় পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান।
  • ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছ আৰম্ভ হ'ব।
  • সদায় দুটা ভাগত ভগোৱা হ'ব বিদ্যালয়ৰ পাঠদান।
  • আৰু পুৱা ৮.৩০ বজাৰ পৰা খোলা হ'ব বিদ্যালয়সমূহ।
  • প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এটা ক্লাছ আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ'ব।
  • প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ'ব।
  • অষ্টম মান, দশম মান আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত কৰিব বৰ্ডে।
  • বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ'ব।
  • অৰ্থাৎ বাকীবোৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰি দিয়া হ'ব।
  • মাদ্ৰাছাত পাছ কৰিলে মেট্ৰিক পাছ কৰা বুলি গণ্য কৰা নহ'ব।
  • থিঅ'ল'জিকেল বিষয় শিকোৱা মাদ্ৰাছাৰ সন্দৰ্ভত এই সিদ্ধান্ত ল'ব চৰকাৰে।
  • মাদ্ৰাছা স্কুলৰ নাম আৰু শিক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in