অক্সিজেন, ভেকচিন, ল’কডাউন, মেট্ৰিকৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

অক্সিজেন, ভেকচিন, ল’কডাউন, মেট্ৰিকৰ সন্দৰ্ভত কি ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
  • অক্সিজেনৰ সন্দৰ্ভত সংবাদমেল হিমন্ত বিশ্ব শৰ্মাই ক'লে
  • অসম অক্সিজেনৰ নাটনি কম সময়ত সন্মুখীন হোৱাৰ সম্ভাৱনা নাই।
  • ৬ মেট্ৰিক টন মেডিকেলসমূহত অক্সিজেন প্ৰডাকশ্যন হয়।
  • অহা ৪৫ দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হাস্পতালত অক্সিজেন প্লান্ত হ'ব।
  • ২৮৮ মেট্ৰিক টন অক্সিজেন আমি ষ্টৰ কৰি ৰাখিব পাৰো।
  • প্ৰয়োজনীয় ঔষধ, সা-সামগ্ৰী আমাৰ ৰাজ্যত আছে।
  • মে' মাহত ১ লাখ ইনজেকশ্যন ৰেমডিচিবিৰ অৰ্ডাৰ দিছো।
  • আমাৰ হাতত ১২ হাজাৰ ড'জ আছে।
  • আজি ৫ হাজাৰ ড'জ পাম।
  • এপিএল কাৰ্ড থকা পৰিয়ালে ১৬৫২টকাত পাব প্ৰতিটো ড'জ।
  • বিপিএল কাৰ্ড থকা পৰিয়ালে এই ড'জ বিনামূলীয়াকৈ লাভ কৰিব।
  • বাহিৰৰ বজাৰত এই ড'জৰ দাম ৪০০০ টকা।
  • ভেকচিনেশ্যন সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়-
  • ১৫৬৭৪৩০জন লোকক টীকাকৰণ কৰা হৈছে।
  • প্রথম ড'জ ১২৮৪৪৩২জনক দিয়া হৈছে।
  • দ্বিতীয় ডজ ২৮২৯৯৮জন লোকক দিয়া হৈছে।
  • ৬০৭০০০ ভেকচিন মজুত আছে।
  • কলেজ স্কুলত কেম্প পাতি ৪৫ বছৰৰ উৰ্ধৰ শিক্ষক-ফেকালটিক ভেকচিন দিবলৈ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে উপায়ুক্ত সকলক।
  • এয়াৰপৰ্টত বাহিৰৰ পৰা অহা লোকসকলক ইয়াতে টেষ্ট কৰাব লাগিব।
  • বাহিৰৰ পৰা অহা লোকসকলক আৰ টি পি চি আৰ নিগেটিভ নোলোৱালৈ পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱে লগ নকৰিব।
  • ল'কডাউনৰ কোনো পৰিকল্পনা নাই।
  • অভিভাৱক-শিক্ষকৰ সৈতে আলোচনা কৰিবলৈ ছেবাক কোৱা হৈছে।
  • তাৰপাছত যি প্ৰতিবেদন হয় সেয়া নতুন চৰকাৰক দিবলৈ কোৱা হৈছে।
  • তাৰপাছত মেট্ৰিকৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।
  • কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোৰোনাত অধিক আক্ৰান্ত স্থান বা জিলাত ব'হাগী বিদায় নপতা ভাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in