শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

আগন্তুক ৭২ ঘন্টা তৰুণ গগৈৰ স্বাস্থ্য অধিক জটিল হ’বঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

2,808

ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক অৱনতি হোৱাৰ লগে লগে জিএমচিএইচত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ সাংবাদিকৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয় যে- দুপৰীয়াৰ পৰাই অচেতন অৱস্থাত আছে তেওঁ।

লগতে জানিবলৈ দিয়ে যে- বৰ্তমান তৰুণ গগৈক ইনভেছিভ ভেন্টিলেশ্যনত ৰখা হৈছে। তেওঁৰ বহু অংগ বিকল হোৱাৰ দিশে। ৰক্ত চাপ নিয়ন্ত্ৰণৰ বাবে ঔষধৰ মাত্ৰা বৃদ্ধি কৰি দিয়া হৈছে। আগন্তুক ৪৮-৭২ ঘন্টা তৰুণ গগৈৰ স্বাস্থ্য অধিক জটিল হ’ব বুলি জনালে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

ইফালে, এইমছৰ চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিছে জিএমচিএইচৰ চিকিৎসকে। স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি দিল্লীলৈ তৰুণ গগৈক নিব পৰা অৱস্থা নাই বুলিও সাংবাদিকৰ আগত ক’লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি