শুকুৰবাৰে ৮০০০ গাড়ীৰে মানুহ আহিব প্ৰধানমন্ত্ৰীৰ সভালৈঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰে ৮০০০ গাড়ীৰে মানুহ আহিব প্ৰধানমন্ত্ৰীৰ সভালৈঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ সভালৈ বহু দল-সংগঠনে আঠ হাজাৰ গাড়ীৰে মানুহ আনিব৷ তদুপৰি চাৰিখন ৰে'লেৰে ওদালগুৰী আৰু শোণিতপুৰৰ পৰা অভূতপূৰ্ব ৰাইজ আহিব৷ শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে হেলিপেডত ১২ঃ৩৫ বজাত আহি উপস্থিত হ'ব আৰু হেলিপেডৰ পৰা অসমৰ বিভিন্ন সাংস্কৃতিক দলে মূল মঞ্চলৈ আদৰি আনিব৷ ইয়াৰ পিছতে এশ গৰাকী বড়ো যুৱতীয়ে মঞ্চৰ সন্মুখত বাগৰুম্বা নৃত্য কৰিব বুলি জানিবলৈ দিছে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, যোৱা তিনি-চাৰি দিন ধৰি অসমৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত আহিবলগীয়া প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ তদাৰক কৰি আছে৷ বৃহস্পতিবাৰে বিয়লি সাংবাদিকৰ আগত বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে, শুকুৰবাৰে মুখ্যমন্ত্ৰী আৰু মই প্ৰধানমন্ত্ৰীক আলফা (স্বাধীনঃ)ৰ দাবী সন্দৰ্ভত জনাম৷ সেই অনুসৰি প্ৰধানমন্ত্ৰীয়ে যি মডেলিটি দিয়ে সেই হিচাপত আমি আগবাঢ়িম৷ ইয়াৰ পিছতে আমি প্ৰধানমন্ত্ৰীৰ সৈতে কি কথা পাতিলো ৰাইজক জনাম৷

মন্ত্ৰী শৰ্মাই কয় যে, আলফা-ভাৰত চৰকাৰৰ আলোচনা টিভিৰ আগত নহয়৷ এইবাৰ বিশেষ গতিত আগবাঢ়িব আলোচনাই৷ চৰকাৰৰ তৰফৰ পৰা পোনপটীয়াকৈ আলোচনাৰ কৰ্তৃত্ব এজনক দিব আৰু পৰেশ বৰুৱাইও পোনপটীয়াকৈ এজনক কৰ্তৃত্ব দিব বুলি আশা ব্যক্ত কৰি যোৱা এটা পষেকত টিভিত যিমানবোৰ কথা পৰেশ বৰুৱাই কৈছে সকলো বোৰ কথাই ইতিবাচক দেখিছো বুলিও সদৰি কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in