জিএমচিএইত বিভিন্ন ব্যৱসায়িক সংস্থাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক…

ফাইল ফটো
ফাইল ফটো
  • মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • মহানগৰীৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে।
  • এই বৈঠকত তেওঁ কয়-
  • 'অসমৰ বাহিৰত মাস্ক পৰিধান নকৰিলে গ্রাহকক বস্তু নিদিয়ে।'
  • 'অসমতো বহু বিক্রেতাই নিপিন্ধে মাস্ক।'
  • গুৱাহাটীৰ একাংশ ফাৰ্মাচীৰ কৰ্মচাৰীৰ কথাও উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-
  • 'অসমত ব্যৱসায়ী আৰু বিক্রেতা অধিক আক্রান্ত হৈছে কোৰোনাত'
  • এইক্ষেত্রত ব্যৱসায়ীৰ সহায় বিচাৰিলে স্বাস্থ্যমন্ত্রীগৰাকীয়ে।
  • 'মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিব লাগে।'
  • 'বিনা মাস্কত অহা যিকোনো লোকৰ লগত ব্যৱসায় বন্ধ কৰক।'
  • 'গুৱাহাটী মহানগৰীত ১০০টা টেষ্টিং চেণ্টাৰ স্থাপন কৰা হৈছে।'
  • '১ আগষ্টৰ পৰা গুৱাহাটীৰ ১০০% ব্যৱসায়ী-কৰ্মচাৰীয়ে টেষ্ট কৰাটো বিচাৰো।'
  • কৰ্মচাৰী পজিটিভ হ'লে দোকান কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা নহয় বুলি উল্লেখ কৰে তেওঁ।
  • আক্রান্ত নোহোৱা কেইজনেৰে চলাই যাব পাৰিব দোকানসমূহ।
  • 'যদি কোনোবাই নিজৰ অঞ্চললৈ মাতে, তালৈও যাব আমাৰ দল'
  • '৪ শতাধিক লোকে এতিয়াও জিএমচিএইচ আৰু এমএমচিএইচত যুঁজ দি আছে মৃত্যুৰ সৈতে।'
  • উল্লেখ্য যে, বৈঠকত উপস্থিত আছাম চেম্বাৰ্ছ অৱ কমাৰ্চ, কামৰূপ চেম্বাৰ্ছ অব কমাৰ্চ।
  • লগতে উপস্থিত ফ্ল'ৰ মিল এছ'চিয়েশ্যন, দিছপুৰ ছুপাৰ মাৰ্কেট এছ'চিয়েশ্যন।
  • এলপিজি ডিষ্ট্রিবিউটৰ এছ'চিয়েচনসহ বহু ব্যৱসায়িক সংস্থাই অংশ লয় এই গুৰুত্বপূৰ্ণ বৈঠকখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in