নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নাৰায়ণপুৰত নিৰ্মাণৰত অৱস্থাত থকা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰে। এই আধাৰশিলা স্থাপন অনুস্থানত অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুয হাজৰীকা, তেজপুৰৰ সাংসদ পল্লব লোচন দাস,অসম চৰকাৰৰ গড়কপ্তানি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন,বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা উপস্থিত থাকে।

ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কম দিনৰ ভিতৰত কলাক্ষেত্ৰখন সিংহভাগ কাম সম্পূৰ্ণ কৰাৰ আস্বাস দিয়ে । মন্ত্ৰী গৰাকীয়ে সভাৰ পিছতে শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰত উপস্থিত হৈ সত্ৰাধিকাৰৰ সেৱা লয় । তৃতীয় পৰ্যায়ৰ নিৰ্মানৰ বাবে এতিমাধ্য ৩৪ কোটি টকা ইতিমধ্যে আৱন্টন লাভ কৰিছে।

উল্লেখ্য যে, তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বিগত ২০০৭ চনত সেইসময়ৰ মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল । বিগত ১৩ বছৰে সম্পূৰ্ণ হৈ নুঠিল কলাক্ষেত্ৰৰ কাম । ইয়াক লৈ নাৰায়ণপুৰৰ লগতে উত্তৰ অসমৰ ৰাইজ অসন্তুষ্ট হৈ আছিল । শেহতীয়াকৈ সৰ্বানন্দ সোনোৱাল চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ৰাইজক সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব নে নহয় সেয়া সময়ত হে লক্ষনীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in