বট্ৰদ্ৰৱা থানত সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ উন্নয়নমূলক কামৰ শুভাৰম্ভণি

বট্ৰদ্ৰৱা থানত সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ উন্নয়নমূলক কামৰ শুভাৰম্ভণি


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উদ্যোগ আৰু তৎপৰতাত গুৰুজনাৰ জন্মস্থানৰ মনিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু চিলিং উন্নয়ণ, বৈদ্যুতিকৰণৰ কামৰ শুভাৰম্ভণি কৰে। অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থানত বিশেষকৈ পৰ্য্যটন ক্ষেত্ৰৰ বিকাশ, গুৰুদুজনাৰ ঐতিহ্যময় আধ্যাত্মিক কলাৰ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহন কৰা ভৱিষ্যতৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে অসমীয়া জাতিৰ মণিকূট স্বৰূপ, জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত ঐতিহাসিক তথা আধ্যাত্মিক ক্ষেত্ৰ ভাগৰ উন্নয়ণৰ বাবে নিৰ্মাণকাৰ্য্য শুভাৰম্ভ কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰটোৰ আন্তঃগাঁথনি নিৰ্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে তিনিও স্থানৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ আৰু উন্নত মানৰ বৈদ্যুতিকৰণৰ কামখিনি কৰিবৰ বাবে বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে।

দুপৰীয়া হেলিকপ্টাৰেৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° শৰ্মা। তেওঁক সংগ প্ৰদান কৰে পত্নী ৰিনিকি ভূঞা শৰ্মাই। ইফালে বটদ্ৰৱা থানৰ ৰভাঘৰ প্ৰাঙ্গনত মুখ্যমন্ত্ৰী ড° শৰ্মাক পৰিচালনা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি আদৰণি জনায়। বটদ্ৰৱা থান প্ৰাঙ্গনতে মুখ্যমন্ত্ৰী ড° শৰ্মাই সত্ৰাধিকাৰ, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু কাৰ্য্যনিৰ্বাহক সমিতিৰ লগত বটদ্ৰৱাৰ সামগ্ৰিক উন্নয়ণ আৰু বাহ্যিক , আভ্যন্তৰীণ সমস্যাৰাজি,অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ বিষয়ত এলানি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in