দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰীঃ হিন্দুত্ববাদী সংগঠনৰে গোপন বৈঠক…

দুদিনীয়া কাৰ্যসূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰীঃ হিন্দুত্ববাদী সংগঠনৰে গোপন বৈঠক…
  • দুদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকা ভ্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • শিলচৰত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনালে অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত।
  • ইয়াৰ পিচতে বৰাক উপত্যকাৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়গৈ ড০ শৰ্মা।
  • শিলচৰৰ অম্বিকাপত্তিত তথা আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত ভাগ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • সভাত উপস্থিত থাকে উপত্যকাটোৰ আৰ এছ এছৰ নেতাৰ লগতে হিন্দুত্ববাদী সংগঠন বজৰং, বিশ্ব হিন্দু পৰিষদ আদিৰ নেতা উপস্থিত থাকে।
  • এই বৈঠকত কোনো বাহিৰা লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।
  • আনহাতে বৰাক উপত্যকাত নিৰ্মাণ হৈ থকা ক্ষুদ্ৰ সচিবালয়ৰ কামৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • ইয়াৰোপৰি শিলচৰ মেডিকেল কলেজত উদ্বোধন কৰিব সাধাৰণ ৪০ টা আই চি ইউ আৰু শিশুৰ বাবে নিৰ্মাণ কৰা ৩০টা শিশুৰ আই চি ইউ উদ্বোধন কৰিব।
  • শনিবাৰে সন্ধিয়া বিভিন্ন সংগঠনৰ লগত মত বিনময় কৰাৰ উপৰিও আৰু বহু গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in