ইয়াতকৈ ভাল খবৰ লাগে কি? চৰকাৰে দিব বিনামূলীয়া চাউল, ৫০ শতাংশ ৰেহাই মূল্যত দাইল-চেনী…

ইয়াতকৈ ভাল খবৰ লাগে কি? চৰকাৰে দিব বিনামূলীয়া চাউল, ৫০ শতাংশ ৰেহাই মূল্যত দাইল-চেনী…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ বাজেট অধিবেশনৰ পাছৰ পৰাই অসমৰ ৰাইজে হাত ধুই ভাত খোৱাহে কথা। ৰাজ্য চৰকাৰে এনে আঁচনিৰ কথা চিন্তা কৰিছে যে, বিনামূল্যেই লাভ কৰিব চাউল। কেৱল চাউলে বিনামূলীয়াকৈ লাভ নকৰে, বজাৰত দাইল-চেনীৰ দামো বাঢ়িছে। সেয়েহে চৰকাৰে বজাৰ মূল্যতকৈ ৫০ শতাংশ কম দামত যোগান ধৰিব দাইল-চেনি।

বোকাখাতত বিজেপিয়ে আয়োজন কৰা সংকল্প সমাৰোহত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়- 'ৰাইজ আপোনালোকক যোৱাবাৰ ১ টকাত চাউল দিছিলো। এইবাৰ বাজেট অধিবেশন যেতিয়া আহিব, সিদ্ধান্ত লৈছো এইবাৰৰ পৰা আপোনালোকে ১ টকাতো চাউল কিনিব নালাগে। সম্পূৰ্ণ বিনামূল্যে আমি আপোনালোকক চাউলৰ যোগান ধৰিম।'

অকল সেয়ে নহয় বজাৰত দাইল আৰু চেনিৰ দামো যথেষ্ট বুলি উল্লেখ কৰি ৰাইজক ৫০ শতাংশ ৰেহাই মূল্যত চেনী-দাইল যোগান ধৰা হ'ব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছতেই সৃষ্টি হৈছে ভিন্ন প্ৰতিক্ৰিয়া।

কোনো কোনোৱে মন্ত্ৰীজনৰ এই ঘোষণাক বাতুলামি আখ্যা দি এনেদৰে ৰাজ্যবাসীক উৎপাদনমুখী হোৱাৰ বিপৰীতে বিনামূল্যে চাউল যোগান ধৰা, ৰেহাই মূল্যত চেনী-দাইল যোগান ধৰিম বুলি কৰা ঘোষণাক প্ৰলোভনৰ ৰাজনীতি আখ্যা দিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in