৫ ফেব্ৰুৱাৰীত ৰাজ্যত ২৯৭০০ গৰাকী শিক্ষক নিযুক্তি দিয়া হ’ব – হিমন্ত বিশ্ব শৰ্মা

৫ ফেব্ৰুৱাৰীত ৰাজ্যত ২৯৭০০ গৰাকী শিক্ষক নিযুক্তি দিয়া হ’ব – হিমন্ত বিশ্ব শৰ্মা
  • জনতা ভৱনত বিত্ত,স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদমেল সম্বোধন কৰে ।
  • শিক্ষক নিযুক্তি আৰু শিক্ষানুষ্ঠান সমূহ প্ৰাদেশিকৰন কৰা সন্দৰ্ভত সংবাদমেল মন্ত্ৰীগৰাকীৰ ।
  • ৫ ফেব্ৰুৱাৰীত ৰাজ্যত হ'ব সৰ্ববৃহৎ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।
  • ২৯৭০০ গৰাকী শিক্ষকক ৫ ফেব্ৰুৱাৰীত নিযুক্তি দিব শিক্ষা বিভাগে ।
  • প্ৰাথমিক বিদ্যালয়ত ৪৪৯৩ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ।
  • মাধ্যমিক বিদ্যালয়ত ২১৩৯ গৰাকী টেট শিক্ষকক নিযুক্তি দিয়া হ'ব ।
  • ১৬৯৮ খন প্ৰাথমিক বিদ্যালয় প্ৰদেশিকৰন কৰা হ'ব ।
  • প্ৰাথমিক বিদ্যালয় প্ৰদেশিকৰনৰ বাবে উপকৃত হ'ব ৩৩০৯ গৰাকী শিক্ষক ।
  • ৰাজ্যৰ ২১০৭ খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকৰন কৰা হ'ব । যাৰ ফলত ৬৫৮৬ গৰাকী শিক্ষক উপকৃত হ'ব ।
  • ৰাজ্যত ২৬৬ খন হাইস্কুল কৰা হ'ব প্ৰদেশিকৰন ।
  • ৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকৰন কৰা হ'ব ।যাৰ ফলত ৩১ গৰাকী শিক্ষক উপকৃত হ'ব ।
  • ১৫২ খন জুনিয়ৰ কলেজ প্ৰাদেশিকৰন কৰা হ'ব । এই প্ৰাদেশিকৰনৰ ফলত উপকৃত হ'ব ৰাজ্যৰ ২৩০৬ গৰাকী শিক্ষক ।
  • তিনিটা প্ৰক্ৰিয়াত চলি আছে শিক্ষক নিযুক্তিৰ কাম ।
  • নিৰ্বাচনৰ অধিসূচনাৰ আগতে পুনৰ শিক্ষা বিভাগত নিয়ুক্তি দিয়া হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।
  • নিযুক্তি পোৱা শিক্ষক সকলে ১২ বছৰৰ বাবে বদলি কৰিব নোৱাৰিব বিদ্যালয় ।
  • মেধাৰ ভিত্তিত শিক্ষক সকলক নিযুক্তি দিয়া হৈছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in