যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিষাক্ত সুৰাত আক্ৰান্তৰ খবৰ ল’লে স্বাস্থ্য মন্ত্ৰীয়ে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ 'ইমান মানুহ একেলগে এনেদৰে মৃত্যু হোৱাটো বেদনাদায়ক। মই গুৱাহাটীৰ পৰা অহাৰ সময়লৈকে ৫৯জন লোকৰ মৃত্যু হৈছে। মুহূৰ্তই মুহূৰ্তই এই তথ্য সলনি হৈছে।'- বিষাক্ত সুৰা সেৱন কৰি ৰাজ্যত ৪৮ ঘণ্টাতে ৮২জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ পাছত পুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। সাংবাদিকক জানিবলৈ দিয়া মতে, যোৰহাট চিকিৎসালয়ত ১৪৩জন বিষাক্ত সুৰা সেৱন কৰি আক্ৰান্ত হোৱা লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ১০৭গৰাকী পুৰুষ আৰু ৩৩গৰাকী মহিলা।

চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা সকলক চিকিৎসাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অতিৰিক্ত চিকিৎসক আনি আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰি অত্যন্ত প্ৰয়োজনীয় নহ'লে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আন ৰোগীসকলক ঘূৰাই পঠিওৱা হৈছে বুলিও তেওঁ কয়।

প্ৰসংগক্ৰমে তেওঁ জানিবলৈ দিয়ে যে, উজনি অসমৰ আয়ুক্তক এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। গুৰুতৰভাৱে অসুস্থ সকলৰ তেওঁ স্বাস্থ্য বুজ লোৱাৰ লগতে প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থাৰ বাবে সকলোখিনি কৰণীয় চিকিৎসা ব্যৱস্থা কৰিবলৈও চিকিৎসকক নিৰ্দেশ দিয়ে। এতিয়ালৈকে নতুন নতুন বিষাক্ত সুৰা সেৱনকাৰী ৰোগী চিকিৎসালয়লৈ আহিয়েই আছে। গোলাঘাট, যোৰহাটত বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা মুহূৰ্ততে বৃদ্ধি পাইছে। দুয়োখন জিলাতেই বৰ্তমানলৈকে ২ শতাধিক লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in