স্বৰাজ অসমৰ দাবীঃ লুইছ বাৰ্জাৰ কেলেংকাৰীক লৈ হিমন্তক চিবিআইৰ জেৰা

স্বৰাজ অসমৰ দাবীঃ লুইছ বাৰ্জাৰ কেলেংকাৰীক লৈ হিমন্তক চিবিআইৰ জেৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ হাই প্ৰফাইল লুইছ বাৰ্জাৰ কেলেংকাৰীত নাম সাঙোৰ খাই থকা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিনদিয়েক পূৰ্বে চি বি আইয়ে জেৰা কৰা বুলি দাবী কৰি প্ৰেছ বিবৃতি আৰু ছ'চিয়েল মিডিয়াযোগে 'স্বৰাজ অসম'ৰ আহ্বায়ক তথা এই সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনোৱা ভবেন সন্দিকৈয়ে আদৰণি জনাইছে।

স্মৰ্তব্য যে,  ২০১৫ চনৰ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কেলেংকাৰীৰ চি বি আইৰ তদন্ত বিচাৰি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিলৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগ, ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচনত উক্ত কেলেংকাৰীৰ তথ্য বিচাৰি যুঁজ অব্যাহত ৰখা ভবেন সন্দিকৈয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম চৰ্চাত থকাৰ পিছতো ৰহস্যজনক কাৰণত হিমন্তক চি বি আইয়ে জেৰা কৰা নাছিল।

যোৱা এক-দুই নবেম্বৰত হিমন্ত বিশ্ব শৰ্মাক দিল্লীত চি বি আইয়ে জেৰা কৰাৰ কথা উল্লেখ কৰি সন্দিকৈয়ে কয় যে তেওঁলোকে প্ৰথমৰে পৰাই হিমন্তক জেৰা কৰাৰ দাবী জনাই আহিছে যদিও এই তদন্তৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা বি জে পি গমন কৰা হিমন্ত বিশ্ব শৰ্মাক মোডী-অমিত শ্বাহে ৰক্ষণা-বেক্ষণ দি আহিছিল।

যিজন হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে স্বয়ং বিজেপি দলে 'Saga of Scams in Congress-Ruled States' নামৰ পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰীৰ মূল অভিযুক্ত বুলি অভিহিত কৰিছিল, সেইজন হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰীত চি বি আইয়ে জেৰা নকৰা আৰু সমগ্ৰ চি বি আইৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিক লৈ স্বৰাজ অসমৰ অসন্তুষ্টি আছিল বুলিও তেওঁ সদৰী কৰে।

শেহতীয়াকৈ চুপ্ৰিম কৰ্টৰ প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণক লগ কৰি এই গোচৰটো সৰ্ন্দভত আইনী দিহা-পৰামৰ্শও লোৱা বুলিও সন্দিকৈয়ে সন্দেহ ব্যক্ত কৰে।

এই কেলেংকাৰীৰ প্ৰকৃত তথ্য পোহৰলৈ অনাৰ স্বাৰ্থত চি বি আইয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি অভিযুক্ত প্ৰতিজন আমোলা-বিষয়া-মধ্যভোগীক গ্ৰেপ্তাৰৰ দাবী জনাই সন্দিকৈয়ে কয় যে ইমান হাই প্ৰফাইল কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দি অহাৰ বাবে এতিয়া তেওঁৰ নিজৰ নিৰাপত্তাক লৈয়ো ভাবুকি আহি পৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ গৃহ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

ইফালে, স্বৰাজ অসম তথা ভবেন সন্দিকৈৰ এই দাবী ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বাৰ্তাত এই কথা অস্বীকাৰ কৰি ভবেন সন্দিকৈৰ ধাৰাবাহিক অপপ্ৰচাৰৰ বিৰুদ্ধে অহা ৪ দিনৰ ভিতৰত অপৰাধজনিত আৰু মানহানিৰ গোচৰ তৰিব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in