আক্ৰান্ত নহয়! টুইটাৰযোগে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দিলে এই ভাল খবৰ…

আক্ৰান্ত নহয়! টুইটাৰযোগে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দিলে এই ভাল খবৰ…

ডিজিটেল ডেস্কঃ ৰাজ্যত উদ্বেগজনকভাৱে কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনালে এটা ভাল খবৰ। শনিবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩৮গৰাকী ৰোগীক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে চিকিৎসকে।

কোৰোনামুক্ত হৈ ঘৰমুৱা হোৱা এই ৰোগীসকলৰ ভিতৰত ১৪গৰাকী শিলচৰ মেডিকেল কলেজৰ, গুৱাহাটীৰ এম এম চি এইচৰ ১১গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ৮গৰাকী, যোৰহাট মেডিকেল কলেজৰ ৩গৰাকী লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ২গৰাকী ৰোগী।

বৰ্তমানলৈ ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১১০০লৈ বৃদ্ধিৰ পোৱাৰ বিপৰীতে সুস্থ হৈছে ১৬৩গৰাকী ৰোগী। ইফালে বৰ্তমানো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৯০০ৰো অধিক ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in