আৰ এছ এছৰ বিৰোধ কৰা সকল কাশ্মীৰলৈ যাওঁকঃ হিমন্ত বিশ্ব শৰ্মা

আৰ এছ এছৰ বিৰোধ কৰা সকল কাশ্মীৰলৈ যাওঁকঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, কমলপুৰঃ পুনৰ ৭০ সংগঠনৰ বিৰুদ্ধে সোমবাৰে সৰৱ হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ কলমনিৰ কুৰ্ম মাধব দেৱালয়ত মণিকূটৰ শিলান্যাস কৰি ৭০ সংঠনক চোকা ভাষাৰে সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

আৰ এছ এছৰ সৈতে সমুখ সমৰত নামিব বিচৰা সংঠনটোক কাশ্মীৰলৈ যোৱাৰ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে, আৰএছএছৰ সৈতে ৰণ কৰিব বিচৰা সকল হিন্দুৰ শত্ৰু বুলিও আখ্যা দিলে বিত্ত মন্ত্ৰী গৰাকীয়ে। লগতে হিন্দুৰ সৈতে ৰণ কৰিব বিচৰা সকলক মোগল বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে হিমন্তই সেই সকলে নিজকে পাকিস্তানী বুলি অভিহিত কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in