দুৰ্ঘটনাত আহত হিমাংশুৰ মৃ্ত্যু…

দুৰ্ঘটনাত আহত হিমাংশুৰ মৃ্ত্যু…

ডিজিটেল সংবাদ,নগাঁও: দুৰ্ঘটনাত আহত হিমাংশু বেজবৰুৱাৰ মৃত্যু ৷ গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত বৃহস্পতি বাৰে শেষ নিশ্বাস ত্যাগ কৰে হিমাংশু বেজবৰুৱাই(২৯) ৷ সোত্তৰ জুনত যুবকজনক নগাঁৱৰ ষ্টেডিয়াম মাৰ্কেটত নিশা গাড়ীয়ে খুন্দিয়াই পথৰ কাষত পেলাই থৈ গৈছিল ৷

গাড়ীৰ খুন্দাত পথৰ কাষৰ জাবৰৰ মাজত পৰি ৰোৱা যুবকজনক নিশা আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ মূৰত আঘাট পোৱা হিমাংশুক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়া হৈছিল যদিও বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্হাতে মৃত্যু হয় ৷

নগাঁৱৰ চকৰিগাঁৱৰ হিমাংশু বেজবৰুৱা ব্যক্তিগত খণ্ডৰ এটি বিত্তীয় প্ৰতিস্হানত কৰ্তব্যৰত আছিল ৷ দুৰ্ঘটনা সংঘটিত হোৱা দিনা হিমাংশুৰ জন্মদিনো আছিল ৷ যুবক জনৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাত নগাঁৱত শোঁকৰ চাঁ পৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in