“জাতীয় যুৱ শক্তি”ৰ ৰাজ্যিক আহ্বায়ক হিমাংকু বৰ্মনক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ…

“জাতীয় যুৱ শক্তি”ৰ ৰাজ্যিক আহ্বায়ক হিমাংকু বৰ্মনক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ…

ডিজিটেল সংবাদ, নলবাৰীঃ শাসকীয় বিজেপিৰ ভেঁটিত কঁপনি তুলি ব্যাপক ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা নৱগঠিত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীৰ ওপৰত অত্যাচাৰ-ভাবুকি আৰম্ভ হৈছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বামুনবৰী গাঁৱত অসম জাতীয় পৰিষদৰ সাংগঠনিক কাম-কাজ কৰি থকা অৱস্থাত "অসম জাতীয় পৰিষদ"ৰ ভাতৃ সংগঠন "জাতীয় যুৱ শক্তি"ৰ ৰাজ্যিক আহ্বায়ক হিমাংকু বৰ্মনক দৌলশাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল শইকীয়াই শুকুৰবাৰে নিৰ্মম শাৰীৰিক প্ৰহাৰ কৰে।

আৰক্ষীৰ এই কাৰ্যক অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অমল ডেকা আৰু অসম জাতীয় পৰিষদৰ নলবাৰী জিলাৰ মুখ্য আহ্বায়ক নগেন ডেকাই কঠোৰ ভাষাৰে সমালোচনা কৰিছে। অত্যাচাৰী পুলিচ বিষয়াজনে হিমাংকু বৰ্মনক "অসম জাতীয় পৰিষদ" ত্যাগ নকৰিলে প্ৰাণ নাশৰ ভাবুকি দিয়ে বুলিও অভিযোগ কৰিছে নেতাদ্বয়ে।

এইজন অত্যাচাৰী পুলিচ বিষয়াক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে। সমিতিয়ে কয় যে, বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ আৰক্ষী বিষয়াই যি ধৰণে নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ চলাব ধৰিছে আগন্তুক দিনত ইয়াৰ পৰিণতি অধিক ভয়াবহ হ'ব। পুলিচ বিষয়াজনৰ শাস্তিৰ দাবীত অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি শনিবাৰে নলবাৰী জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰিছে। আনহাতে আৰক্ষীৰ এই অত্যাচাৰৰ প্ৰতিবাদ অহা ২৬ অক্টোবৰত আঞ্চলিক দলটোৱে নলবাৰী সদৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in