কংগ্ৰেছী পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাওক, নহ’লে এৰক বিজেপি! কোন নেতাক এই ভাবুকি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিত এফালে যিদৰে শাসক-বিৰোধীয়ে নিৰ্বাচনী ৰণডংকা বজাইছে, আনফালে দলীয় নেতাৰ বিৰুদ্ধেই হিমাচল প্ৰদেশত সৰৱ হৈ পৰিছে বিজেপি। মাত্ৰ দুদিন পূৰ্বে ৰাজ্যখনৰ শক্তি মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰা বিজেপি নেতা অনিল শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱাকৈ সৰৱ হৈ পৰিছে দলীয় নেতৃবৰ্গ।

হিমাচল প্ৰদেশৰ জয়ৰাম ঠাকুৰ মন্ত্ৰীসভাৰ প্ৰাক্তন শক্তিমন্ত্ৰী অনিল শৰ্মা এতিয়া দলীয় নেতৃত্বৰে আক্ৰমণৰ বলি হোৱাৰ মূল কাৰণটো হৈছে তেওঁৰ পুত্ৰ আশ্ৰয় শৰ্মা। উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত মণ্ডী সমষ্টিত কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে আশ্ৰয় শৰ্মাই। যাৰ পৰিপ্ৰেক্ষিত কংগ্ৰেছ প্ৰাৰ্থী আশ্ৰয় শৰ্মাক সমৰ্থন আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে পিতৃ অনিল শৰ্মাৰ বিৰুদ্ধে।

হিমালচ প্ৰদেশ বিজেপি নেতৃত্বই অনিল শৰ্মাক এক ৰাজহুৱা সকিয়নী প্ৰদান কৰি কয় যে যদি তেওঁৰ দলৰ ভিতৰত থাকিব বিচাৰে তেন্তে তেওঁ মণ্ডী সমষ্টিত পুত্ৰৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাব নকৰিব। তেনে নকৰিলে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিব লাগিব বুলিও ভাবুকি প্ৰদান কৰা হৈছে।

আনহাতে অনিল শৰ্মাৰ পিতৃ তথা প্ৰাক্তন সাংসদ, মন্ত্ৰী সুখৰাম, পুত্ৰ আশ্ৰয় শৰ্মাক ৰণৰ মাজলৈ টানি আনি এতিয়া অনিল শৰ্মাৰ বিৰুদ্ধে বংশকেন্দ্ৰিক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত নিজৰ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানো বিজেপিৰ নেতা অনিল শৰ্মাক আক্ৰমণ কৰি বংশকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in