দ’ খাৱৈত বাগৰিল বাছ, ১৫ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

দ’ খাৱৈত বাগৰিল বাছ, ১৫ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল ডেস্কঃবৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ কুল্লু জিলাত দ' খাৱৈত এখন যাত্ৰীবাহী বাছ বাগৰি পৰে। এই দুৰ্ঘটনাত বাছখনত থকা প্ৰায় ১৫জনকৈ লোকৰ বৰ্তমানলৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইফালে, ৩০গৰাকী আন যাত্ৰী গুৰতৰভাৱে আহত হোৱা খবৰ পোৱা গৈছে।

কুল্লু আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, দুৰ্ঘটনাত পতিত বাছখনত৫০জনকৈ যাত্ৰী আছিল। আৰু বাছখনত বনজাৰ এলেকাত দ' খাৱৈত বাগৰি পৰে। বৰ্তমানলৈ১৫জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে তেওঁ জনায় যে, উদ্ধাৰকাৰী দলে বৰ্তমানেওউদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in